ৰহস্য সৃষ্টিৰে ১৫ দিন ধৰি নিৰুদ্দেশ এচিএছ বিষয়া

ৰহস্য সৃষ্টিৰে ১৫ দিন ধৰি নিৰুদ্দেশ এচিএছ বিষয়া

author-image
asomiyapratidin
New Update
ৰহস্য সৃষ্টিৰে ১৫ দিন ধৰি নিৰুদ্দেশ এচিএছ বিষয়া

ডিজিটেল সংবাদ, ওদালগুৰিঃ বিগত ১৫ দিন ধৰি নিৰুদিষ্ট হৈ আছে ওদালগুৰিৰ এগৰাকী সদ্য পদত্যাগী এচিএছ বিষয়া কাৰ্পূণ পাটিৰ। প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী তথা বৰ্তমানৰ বিজেপি নেত্ৰী সুমিত্ৰা পাটিৰৰ জ্যেষ্ঠ পুত্ৰ কাৰ্পূণ পাটিৰে বিগত ১৮ আগষ্টৰ পৰাই কাৰ্যালয়ৰে সৈতে কোনো ধৰণৰ যোগাযোগ ৰখাৰ পৰা বিৰত আছে।

Advertisment

২০১৬ চনৰ পৰাই ওদালগুৰিত নিৰ্বাচনী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল বিষয়াগৰাকীয়ে। যোৱা ১৮ আগষ্টত হঠাৎ জিলা উপায়ুক্তৰ অনুপস্থিতিত ওদালগুৰিৰ নিৰ্বাচনী বিষয়াৰ দ্বায়িত্বত থকা এচিএছ বিষয়া গৰাকীয়ে উপায়ুক্তৰ ব্যক্তিগত সহায়কৰ হাতত নিজৰ পদত্যাগ পত্ৰ প্ৰদান কৰি সেই সময়ৰ পৰাই নিৰুদ্দেশ হৈ আছে। পত্ৰখনত তেওঁ মাতৃ মধুমেহ ৰোগত আক্ৰান্ত হোৱা হেতুকে শুশ্ৰূষা কৰাৰ উদ্দেশ্যে পদত্যাগ কৰা বুলি উল্লেখ কৰিছে যদিও সমগ্ৰ বিষয়টো ৰহস্যৰ আৱৰ্তত আছে।

ইয়াৰ পাছত জিলা উপায়ুক্ত দিলীপ কুমাৰ দাসে উক্ত পদত্যাগ পত্ৰখন চৰকাৰলৈ প্ৰেৰণ কৰে। এই সন্দৰ্ভত সাংবাদিকে আজি জিলা নিৰ্বাচনী বিভাগৰ সৈতে যোগাযোগ কৰাত বিভাগটোৰ কৰ্মচাৰীসকলে বিষয়াগৰাকীৰ সৈতে কোনো যোগাযোগ এই পৰ্যন্ত হোৱা নাই বুলি জানিবলৈ দিয়ে। ইফালে পদত্যাগ পত্ৰ প্ৰেৰণ কৰা দিনটোৰ পৰা আজি পৰ্যন্ত বিষয়া কাৰ্পূণ পাটিৰৰ ব্যক্তিগত মোৱাইল নম্বৰ ৮৪৮৬৩৩০০৬৮ টো বন্ধ হৈ আছে।

উল্লেখ্য যে, এপিএছচিৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পালৰ দিনত হোৱা নিযুক্তি কেলেংকাৰীৰ তদন্তত বক্ৰ পথেৰে চাকৰি লোৱাৰ সন্দেহত বিষয়াগৰাকীৰ নাম উচ্চাৰিত হৈছিল। ইয়াৰ পাছত আন বহুতৰ লগতে বিষয়া কাৰ্পূণ পাটিৰৰ পৰীক্ষা বহীখন তদন্তকাৰী আৰক্ষীয়ে ফৰেনচিকলৈ প্ৰেৰণ কৰিছিল যদিও বৰ্তমান পৰ্যন্ত ইয়াৰ প্ৰতিবেদন ৰাজহুৱা হোৱা নাই।

প্ৰতিবেদন ৰাজহুৱা হোৱাৰ পূৰ্ৱে কোনো ধৰণৰ অশনি সংকেত লাভ কৰিয়েই বিষয়াগৰাকীয়ে পদত্যাগ কৰিলে নেকি তাক লৈও বৃহৎ প্ৰশ্নৰ উদ্ভৱ হৈছে। যদি সঁচাকৈয়ে মাতৃৰ অসুস্থতাৰ বাবে বিষয়গৰাকীয়ে পদত্যাগ কৰিছিল তেন্তে এইপৰ্যন্ত সংবাদ মাধ্যমৰ সন্মুখলৈ আহি নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশৰ পৰা বিৰত থকা বিষয়টোৱে সমগ্ৰ ঘটনাটোক অধিক ৰহস্য ঘনীভূত কৰি তুলিছে।

সি যি কি নহওঁক যদিহে বক্ৰ পথেৰে চাকৰি ক্ৰয় কৰা কাৰ্যত বিষয়াগৰাকী জড়িত আছিল তেন্তে ফৰেনছিক প্ৰতিবেদনত সকলো স্পষ্ট হৈ পৰাৰ পাছত বিষয়া গৰাকী যে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ'ব সেয়া নিশ্চিত বুলিও ভিন্নজনে মত প্ৰকাশ কৰিছে।