ভাৰত মাতাৰ পূজাৰ বাবে স্থাপন কৰা দুখনকৈ গেট ভাঙি পৰিল পথৰ মাজত...

ভাৰত মাতাৰ পূজাৰ বাবে স্থাপন কৰা দুখনকৈ গেট ভাঙি পৰিল পথৰ মাজত...

author-image
Asomiya Pratidin
New Update
ভাৰত মাতাৰ পূজাৰ বাবে স্থাপন কৰা দুখনকৈ গেট ভাঙি পৰিল পথৰ মাজত...

ভাৰত মাতাৰ পূজাৰ বাবে স্থাপন কৰা দুখনকৈ গেট ভাঙি পৰিল পথৰ মাজত...

ডিজিটেল সংবাদ কৰিমগঞ্জঃ একাংশ লোকৰ চৰম দায়িত্বহীনতাৰ পৰিণতি ভূগিবলগীয়া হৈছে কৰিমগঞ্জৰ ষ্টেচন ৰোড অঞ্চলৰ লোকসকলৰ লগতে ষ্টেচন ৰোড ঘাইপথেৰে যাতায়ত কৰা লোকসকলে। ভাৰত মাতাৰ পূজাৰ বাবে স্থাপন কৰা দুখনকৈ লাইটিং গেট লগাই সময়মতেই খুলি নিদিয়াৰ ফলত আজি সৃষ্টি হয় এক ভয়ংকৰ দুৰ্ঘটনা।

Advertisment

সন্ধিয়াৰ ভাগত অহা এজাক পাতলীয়া বৰষুণতে ৰাজপথৰ মাজতে ভাঙি পৰিলে ভাৰত মাতাৰ পূজাৰ অনুষ্ঠানৰ বাবে স্থাপন কৰা দুখনকৈ লাইটিং গেট। ফলত ৰাজপথেৰে যোৱা কেইবাখনো বাহনৰ ক্ষয়, ক্ষতি হ'ল।

অৱশ্যে সৌভাগ্যক্ৰমে ৰক্ষা পৰে সেই স্থানত থকা লোকসকল। উল্লেখ্য যে, ১৪ আৰু ১৫ আগষ্টত ভাৰত মাতাৰ পূজাৰ বাবে সৌন্দৰ্য বৰ্ধনৰ বাবে কৰিমগঞ্জৰ ষ্টেচন ৰোড ঘাইপথৰ দুয়োকাষে লগোৱা স্থাপন কৰা হৈছিল দুখন লাইটিং গেট।

আজি সন্ধিয়াৰ ভাগত অহা এজাক বৰষুণৰ মাজতে এই গেট ভাঙি পৰে। ইয়াৰে এখন গেট ক্ৰেটা আৰু ভ্যেনু বাহনৰ লগতে এখন বাইকৰ ওপৰত ভাঙি পৰে। ইফালে এই গেট ভাঙি পৰাৰ ফলতে অঞ্চলটোৰ বিদ্যুৎ সংযোগো বিচ্ছিন্ন কৰিবলগীয়া হয়।

ফলত অঞ্চলটোৰ ৰাইজৰ মাজত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। অভিযোগ অনুসৰি একাংশ লোকৰ হেমাহি আৰু গাফিলতিৰ বাবেই এই ঘটনা সংঘটিত হ'বলৈ পালে।

Also Read: শান্তি চুক্তিলৈ আৰু কিমান দূৰ? এই সপ্তাহতে আলফা আৰু NSCN-IM ৰে বৈঠক...

দুুৰ্ঘটনা