/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/6d9d1722-9965-4438-89ee-4ebc89f14921/hjj.jpg)
ডিজিটেল ডেস্কঃ কৰিমগঞ্জৰ শৰিষা এলেকাত মঙলবাৰে নিশা এক পথ দুৰ্ঘটনা সংঘটিত হয়। বাইক আৰু ই-ৰিক্সাৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত নিহত হয় ৰাজু ৰায় নামৰ ই-ৰিক্সাৰ চালকজন।
আনহাতে বাইক চালক কুশল দাস নামৰ যুৱকজনক সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হয় শিলচৰ মেডিকেল কলেজ হাস্পতালত। ই-ৰিক্সাৰ চালকৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পিছত উত্তেজিত জনতাই বাইক চালক কুশল দাসৰ বাসগৃহত তাণ্ডৱ চলায়। পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
দুৰ্ঘটনাতপতিত ই-ৰিক্সাখনৰ নম্বৰ AS 10 ER 0117 আৰু বাইক খনৰ নম্বৰ AS 01 EX 0740 । ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।
Also Read: কাজিৰঙাৰ এজন যুৱকৰ চিত্ৰকলা তথা ভাস্কৰ্য শিল্পই মন মুহিব আপোনাৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us