New Update
/https://media.assettype.com/asomiyapratidin/import/website/2018/12/মস3c06d3fd-dccd-487c-a5e6-4518fbb9668d.jpg)
- মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰম্ভ কৰিলে ভাষণ।
- ভাষণৰ আৰম্ভণিতেই অটল বিহাৰী বাজপেয়ীক সুঁৱৰিলে সোণোৱালে।
- 'আজি সুশাসন দিৱস।'
- 'এই দিৱসৰ লগত সংগতি ৰাখি মূল্যবোধৰ আধাৰত শক্তিশালী এখন ৰাজ্যৰূপে গঢ়ি তোলা হ'ব।'
- 'প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বলিষ্ঠ অৱদানৰ বাবেই আজি বগীবিল দলং মুকলি হৈছে।'
- 'দেশৰ যোগাযোগ ব্যৱস্থাক শক্তিশালী কৰিবৰ বাবে বিগত বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিছে।'
- 'এক্ট ইষ্ট পলিচীৰ যোগেদি আমি দক্ষিণপূৱ এচিয়াৰ সৈতে অৰ্থনৈতিক দিশত যোগাযোগ অধিক উন্নত কৰিব পাৰিম বুলি আশাবাদী।'
- 'প্ৰধানমন্ত্ৰী মোডী ডাঙৰীয়া আমাৰ আশীৰ্বাদ দিবৰ বাবে এই অনুষ্ঠানত উপস্থিত থকাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো।'
- 'বগীবিল দলং এক সমন্নয় সেতু হিচাপে গঢ়ি তুলিব লাগিব।'
- ভূপেন হাজৰিকা, হেমাংগ বিশ্বাসৰ কথাও সুঁৱৰিলে মুখ্যমন্ত্ৰীয়ে।
- চাওলুং চ্যুকাফাৰ আদৰ্শৰে বৰ অসম গঢ়াৰ প্ৰতিশ্ৰুতি দিলে সোণোৱালে।
- অশেষ কষ্ট স্বীকাৰ কৰি সভাত উপস্থিত থকা সমূহ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰীয়ে।
- আগন্তুক ইংৰাজী নৱবৰ্ষ আৰু ভোগালী বিহুৰ উলগ জনাই ভাষণ সামৰণি মাৰিলে মুখ্যমন্ত্ৰীয়ে।