
ডিজিটেল ডেস্কঃ কোভিড-১৯ৰ সময়চোৱাত লকডাউনৰ বাবে খাদ্যকে ধৰি বিভিন্ন সমস্যাৰ সন্মুখীন হোৱা দৰিদ্ৰ লোকসকলক বিভিন্ন ধৰণে সহায় কৰাৰ আঁচনি চৰকাৰে গ্ৰহণ কৰিছে। কিন্তু এচামে এই সহায়ৰ নামত সকলো নিয়ম জনাঞ্জলি দি ইয়াৰ সুযোগ গ্ৰহণৰ চেষ্টা অব্যাহত ৰাখিছে।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত লকডাউনৰ সময়চোৱাত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৰেচন কাৰ্ড থকা উপভোক্তাসকলক প্ৰতিজন সদস্যৰ বাবদ ৫ কেজিকৈ চাউল বিনামূলীয়াকৈ যোগান ধৰাৰ লগতে ৰেচন কাৰ্ড নথকা লোকেও যাতে খাদ্য সামগ্ৰী লাভ কৰে তাৰ বাবে চাউল বিতৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে।
ইয়াৰে সুযোগ গ্ৰহণ কৰিছে এচাম এই বিতৰণ ব্যৱস্থাৰে জড়িত লোকে।এনে অভিযোগো উত্থাপন হৈছে যে- ৫ কেজি চাউলৰ সলনি প্ৰতিজন সদস্যৰ বাবদত ৪ কেজিকৈ চাউল দি ১ কেজিকৈ চাউল ৰখাই থৈছে এই ব্যৱসায়ীসকলে।
ইফালে, কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদত চাউল আৰু ধন বিতৰণৰ নামত চূড়ান্ত অনিয়ম সংঘটিত কৰাৰ তথ্য পোহৰলৈ আহিছে। অনীতিগতভাৱে খাদ্য সুৰক্ষা আইনক ভৰিৰে মোহাৰি কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে এখন সভা অনুষ্ঠিত কৰি এই সন্দৰ্ভত লোৱা কিছু প্ৰস্তাৱে চকু কপালত তুলিছে বিভিন্নজনৰ।
কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যকৰ্তাসকলৰ এক বৈঠক অনুষ্ঠিত হৈছিল ২১ এপ্ৰিল, ২০২০ত। স্বায়ত্ত শাসিত পৰিষদৰ নতুন কনফাৰেন্স হলত অনুষ্ঠিত এই বৈঠকত কোভিড-১৯ৰ বাবে দিয়া লকডাউনৰ সময়চোৱাত খাদ্য সামগ্ৰী বিতৰণৰ ক্ষেত্ৰত কিছু প্ৰস্তাৱ গ্ৰহণ কৰা হয়।
এই সভাত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ সদস্যসকলৰ উপৰিও স্বায়ত্ত শাসিত পৰিষদৰ অন্তৰ্গত এল এ এম পি এছ আৰু সমবায় সমিতিসমূহৰ বিষয়ববীয়াসকল উপস্থিত আছিল। কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদলৈ নিয়মীয়াকৈ খাদ্য সুৰক্ষা আইনৰ অধীনত এপ্ৰিল মাহৰ বাবে ৩৬,৮৮৫.২০ কুইন্টল চাউলৰ উপৰিও অতিৰিক্তভাৱে এই সময়চোৱাত বিতৰণৰ বাবে আহিছিল ৩৫,১১৯.৫৫ কুইন্টল চাউল।
বৈঠকত সিদ্ধান্ত লোৱা হয় খাদ্য সুৰক্ষাৰ অধীনত অহা এই চাউলসমূহ স্থানীয় এমএচি সকলৰ নীতি-নিৰ্দেশনা অনুসৰিহে মে' মাহৰ বাবে বিতৰণ কৰা হ'ব। স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত লোৱা প্ৰস্তাৱ অনুসৰি খাদ্য সুৰক্ষা অধীনৰ এই চাউলসমূহ বিতৰণৰ প্ৰক্ৰিয়া তেওঁলোকে তদাৰক কৰাৰ সলনি তেওঁলোকৰ জৰিয়তে বিতৰণ কৰিবলৈ লোৱা কাৰ্য আশ্চৰ্যজনক।
ইফালে, এই লকডাউনৰ সময়চোৱাতে ৬ এপ্ৰিলৰ আন এক সভা অনুষ্ঠিত হৈছিল কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ বাসগৃহত। সেই সভাতে কোৰোনাৰ প্ৰতি দৃষ্টি ৰাখি ৰাজ্য চৰকাৰে ৰেচন কাৰ্ড নথকা প্ৰতিটো দৰিদ্ৰ পৰিয়ালক এক হাজাৰ টকাকৈ ধন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। সেই ধনো স্থানীয় এমএচি সকলৰ জৰিয়তে বিতৰণ কৰাৰ ব্যৱস্থা কৰা হৈছিল।
চৰকাৰী বিভাগক আঁতৰ কৰি স্থানীয় এম এ চি সকলে তেওঁলোকৰ সমষ্টিৰ ১ হাজাৰ টকাকৈ এহাজাৰ দৰিদ্ৰ পৰিয়ালক এই ধন বিতৰণ কৰাৰ দায়িত্ব দিয়া হয়। একোজনকৈ এম এ চিয়ে তেওঁৰ সমষ্টিত ১০ লাখকৈ টকা বিতৰণ কৰাৰ ক্ষেত্ৰত ব্যাপক অনিয়মৰ অভিযোগ উঠিছে। স্বায়ত্ত শাসিত পৰিষদৰ সদস্যসকলৰ উদ্যোগত ধন আৰু চাউল বিতৰণৰ নামত দৰিদ্ৰ লোকসকলক প্ৰতাৰণা কৰাৰো অভিযোগ উত্থাপিত হৈছে।
কিছু লোকক ১ হাজাৰ টকা দিলেও বেছি সংখ্যক লোককে ১ হাজাৰ টকাৰ সলনি ৫০০ৰ পৰা ৮০০ টকা দি বাকী ধন আত্মসাৎ কৰাৰো অভিযোগ উঠিছে। কেৱল এয়াই নহয়, চাউলৰ ক্ষেত্ৰতো অনুৰূপ অভিযোগ উত্থাপন হৈছে। যি সময়ত কোৰোনা ভাইৰাছৰ বাবে দৰিদ্ৰ লোকসকলে এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিব লগা হৈছে, সেই সময়ত এই দৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদত নগদ ধন আৰু চাউল বিতৰণ ব্যৱস্থাৰ সৈতে স্বায়ত্ত শাসিত পৰিষদৰ সদস্যসকল আৰু ই এম সকলক জড়িত কৰি দুৰ্নীতিৰ বেহা মেলা বুলিও চৰ্চা হৈছে।
উল্লেখ্য যে, কাৰ্বি স্বায়ত্ত শাসিত পৰিষদত ২৬জন নিৰ্বাচিত আৰু ৪জন মনোনীত সদস্য আছে। তেওঁলোকৰ ছত্ৰছায়াত একাংশ দালালপ্ৰেমী লোকে খাদ্য সুৰক্ষা চাউল আৰু ধন বিতৰণত এনে কেলেংকাৰীৰ অভিযোগ তুলি ইয়াৰ উচিত তদন্তৰ দাবী কৰিছে স্থানীয় লোকে।