ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে দুপৰীয়া কাৰ্বি আংলং জিলাৰ ফুলনিৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত এক শোকাৱহ পথ দূৰ্ঘটনা সংঘটিত হৈ আকিবুল ৰহমান আৰু আজগৰ আলি নামৰ দুজন বাইক আৰোহী থিতাতে নিহত হয়৷ মৃত দুয়োজন লোকে শহুৰেকৰ মৃতদেহ লৈ ডিফুৰ পৰা পাৰখোৱাৰ হালধিআটিলৈ গৈ আছিল৷
মৃত দুয়োজনে তীব্ৰ বেগেৰে পালচাৰ বাইক চলোৱাৰ পৰিণতিতে দূৰ্ঘটনাটো সংঘটিত হোৱা বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিছে৷ দূৰ্ঘটনাগ্ৰস্ত পালচাৰ বাইক খনৰ নম্বৰ এএছ ০৯ডি ৭৪৬৫ । ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাৱে দুয়োটা মৃতদেহ ডিফুলৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে৷