/asomiyapratidin/media/media_files/2025/02/01/XkBbvgUjMxLMG8XKecbZ.jpg)
ডিজিটেল সংবাদ বোকাজানঃ অসম-নাগালেণ্ড সীমান্তৰ খটখটীৰ কাৰাগাঁৱত তিনিটাকৈ পিষ্টল আৰু সঁজীৱ গুলীসহ খটখটী আৰক্ষীয়ে এজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷ এক গোপন খবৰৰ ভিত্তিত খটখটী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিতুল শইকীয়াৰ নেতৃত্বত আৰু থানা ষ্টাফৰ সহযোগত বৰলেঙৰী দিশৰ পৰা কাৰাগাওঁ অভিমুখে হাতত এটা হেণ্ড বেগ লৈ খোজকাঢ়ি আহি থকা অৱস্থাত এজন লোকক কাৰাগাওঁ লোকনাথ মন্দিৰৰ ওচৰত তালাচী চলায় ৷
তালাচী কালত লোকজনে কঢ়িয়াই অনা বেগৰ পৰা আৰক্ষী তিনিটাকৈ পিষ্টল, সঁজীৱ গুলী আৰু মেগজিন উদ্ধাৰ কৰে ৷ ইয়াৰ ভিতৰত মেগজিনৰ সৈতে ইটালীত নিৰ্মিত এটা 7'65 পিষ্টল, মেগজিন আৰু ৫ জাঁই সঁজীৱ গুলীৰ সৈতে জাপানত নিৰ্মিত পইন্ট 22 পিষ্টল এটা আৰু মেগজিনৰ সৈতে পইণ্ট 22 পিষ্টল এটা৷
উদ্ধাৰ হোৱা পিষ্টল, সজীৱ গুলী আৰু মেগজিনসমূহ বোকাজান মহকুমা আৰক্ষী বিষয়া ৰুষ্টমৰাজ ব্ৰক্ষ্ম আৰু নিৰপেক্ষ সাক্ষীগৰ সাক্ষাতে জব্দ কৰে বুলি জানিব পৰা গৈছে ৷ আনহাতে পিষ্টল কেইটা সৰবৰাহৰ লগত জড়িত যোৰহাটৰ পুলিবৰ থানা এলেকাৰ পানী শুকুৱা নপুমোৱাৰ যতীন দাসৰ পুত্ৰ নবীন দাস ওৰফে প্ৰশান্ত দাসক আটক কৰি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷