/asomiyapratidin/media/media_files/2026/01/08/1-2026-01-08-10-37-17.jpg)
ডিজিটেল সংবাদ,হাওৰাঘাট: কাৰ্বি আংলং জিলাৰ হাওৰাঘাট নগৰ পৌৰসভাৰ সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ এদিনীয়া কাৰ্যসূচীৰে হাওৰাঘাট অডিটেৰিয়াম হলত বুধবাৰে সফল সামৰণি পৰে। কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত পতাকা উত্তোলন কৰে হাওৰাঘাট নগৰ পৌৰসভাৰ অধ্যক্ষ বিদ্যা টেৰণে।
হাওৰাঘাট নগৰ পৌৰসভাৰ প্ৰয়াত প্ৰাক্তন অধ্যক্ষ, ৱাৰ্ড কমিছনাৰ, ৱাৰ্ড মেম্বাৰ আদি সকলৰ স্মৃতিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলী অৰ্পণ কৰা হয়। ইয়াৰ পিছতে হাওৰাঘাট নগৰৰ মূল পথেৰে শোভাযাত্ৰা উলিওৱা হয় । অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন ৰাজহুৱা মুকলি সভা অনুষ্ঠিত কৰা হয়।
ৱাৰ্ড কমিছনাৰ মমিত খাখলাৰীয়ে আঁত ধৰা সভাত সভাপতিত্ব কৰে হাওৰাঘাট নগৰ পৌৰসভাৰ অধ্যক্ষ বিদ্যা টেৰণে। সভাত বিশিষ্ট অতিথি হিচাপে হাওৰাঘাট বিধানসভা সমষ্টিৰ বিধায়ক দৰছিং ৰংহাং উপস্থিত থাকি সাৰুৱা ভাষণ দিয়ে।
বিধায়ক ৰংহাঙে ভাষণ প্ৰদান কৰি চৰকাৰে অসম মালাৰ অধীনত হাওৰাঘাট তিনি আলিৰ পৰা হামৰেণলৈকে ৯২২ কোটি টকা ব্যয় সাপেক্ষে বহল পথ নিৰ্মাণ কৰাৰ কথা ৰাইজক অৱগত কৰাৰ লগতে চৰকাৰৰ বিভিন্ন আঁচনিৰ জৰিয়তে মহিলা, কৃষক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ বাবে উন্নয়নমূলক কাম কৰিছে বুলি কয়।
হাওৰাঘাট অঞ্চলৰ শতাধিক বিশিষ্ট ব্যক্তিসকল ক্ৰমে প্ৰাক্তন অধ্যক্ষ মহেন্দ্ৰ গগৈ, দেউৰী লেকথে, প্ৰাক্তন কাৰ্যবাহী সদস্যদ্বয় ক্ৰমে ৰতন টেৰণ আৰু খনছিং ৰংপি, পদৰাম কোচ, নৰেশ্বৰ সন্দিকৈ, ভৱেশ বৰা, অশোক হাচনু, তৰুণ চন্দ্ৰ সন্দিকৈ, ভৱেশ ৰাজবংশী, কল্পনা বৰা, সাংবাদিক ধৰ্মেন্দ্ৰ খাখলাৰী, কৰুণা কান্ত বড়ো আদি বিশিষ্ট ব্যক্তিসকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।
এই অনুষ্ঠানতে অনুষ্ঠানৰ লগত সংগতি ৰাখি সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ উপলক্ষে প্ৰকাশ কৰি উলিওৱা স্মৃতি গ্ৰন্থ 'ৰংছ'পী আহাৰ্চী' উন্মোচন কৰে হাওৰাঘাট বিধানসভা সমষ্টিৰ বিধায়ক দৰছিং ৰংহাঙে। আনহাতে এই সভাতেই ছাত্ৰ ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰা কুইজ আৰু চিত্ৰাংকন প্ৰতিযোগিতাত প্ৰতিযোগিতাৰ বিজয়ী সকলক পুৰস্কাৰ প্ৰদান কৰা হয়।
উল্লেখযোগ্য যে, হাওৰাঘাট নগৰ পৌৰসভাৰ সোণালী জয়ন্তী বৰ্ষৰ নামত এখন গেট আৰু হাওৰাঘাট মেইন বজাৰত মাল্টি উটিলিটি বিল্ডিঙৰ উদ্ধোধন কৰে বিধায়ক দৰছিং ৰংহাঙে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us