এম জি এনৰেগা আঁচনি বন্ধ কৰাৰ বিৰোধিতাত ৰামপুৰত কংগ্ৰেছৰ প্ৰতিবাদ...

কামৰূপ জিলা কংগ্ৰেছৰ নিৰ্দেশমৰ্মে আজি পলাশবাৰী সমষ্টিৰ অন্তৰ্গত ৰামপুৰ উন্নয়ন খণ্ডৰ সন্মুখত বিজেপি চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। বিজেপি চৰকাৰে পূৰ্বৰ এম জি

author-image
Asomiya Pratidin
New Update
hhdhdhd

ডিজিটেল সংবাদ,মিৰ্জাঃ  কামৰূপ জিলা কংগ্ৰেছৰ নিৰ্দেশমৰ্মে আজি পলাশবাৰী সমষ্টিৰ অন্তৰ্গত ৰামপুৰ উন্নয়ন খণ্ডৰ সন্মুখত বিজেপি চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। বিজেপি চৰকাৰে পূৰ্বৰ এম জি এনৰেগা আঁচনি বন্ধ কৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত অঞ্চলৰ উন্নয়ন বন্ধ কৰিব বিচৰাৰ প্ৰতিবাদত আজি পলাশবাৰীৰ কংগ্ৰেছকৰ্মীসকলে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

এই এম জি এনৰেগা আচঁনিৰ অধীনত গ্ৰামাঞ্চলৰ যিসকল শ্ৰমিকে কাম কৰি নিজৰ পৰিয়াল পোহ পাল দি আছিল       
তেওঁলোকৰ পেটত বিজেপি চৰকাৰে প্ৰচণ্ড গোৰ মাৰিব  বিচৰা কাৰ্যত ক্ষুণ্ণ হৈ পৰে। প্ৰতিবাদকাৰীসকলে কয়-জাতিৰ পিতা মহাত্মা গান্ধীৰ নাম কৰ্তন কৰি জনমানসত এই মহান ব্যক্তি গৰাকীৰ প্ৰতি এক অন্যায়ত লিপ্ত হৈছে বিজেপি চৰকাৰ।

এই বিজেপি চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ৰাইজক সজাগ হবলৈ কয় প্ৰতিবাদকাৰী তথা পলাশবাৰী সমষ্টিৰ কংগ্ৰেছ কৰ্মীসকলে। এই প্ৰতিবাদত ক্ৰমে আগত বিধানসভাৰ নিৰ্বাচনত পলাশবাৰী কংগ্ৰেছৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী কিশোৰ দাস,প্ৰণৱ কলিতা, অশোক দাস,মুনমী দত্ত,ৰামপুৰ ব্লক কংগ্ৰেছৰ সভাপতি মাখন দাস,ছয়ানী ৰাণী ব্লক কংগ্ৰেছৰ সভাপতি মূকূট দাস, পলাশবাৰী টাউন ব্লক কংগ্ৰেছৰ সভাপতি গৌতম কুমাৰকে ধৰি বহুকেইজন কংগ্ৰেছৰ নেতা কৰ্মী উপস্থিত থাকে।লগতে কিশোৰ দাসে আগত বিধানসভা নিৰ্বাচনত পলাশবাৰী সমষ্টিটো কংগ্ৰেছক দিব লাগে বুলি এক আলোচনা কৰা হয়।*

কংগ্ৰেছ