পূব কামৰূপ মহাবিদ্যালয়ত "কৰ্কট ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ" সম্পৰ্কে বক্তৃতানুষ্ঠান সম্পন্ন

পূব কামৰূপ মহাবিদ্যালয়ত "কৰ্কট ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ" সম্পৰ্কে বক্তৃতানুষ্ঠান সম্পন্ন

ডিজিটেল ডেস্কঃ পূব কামৰূপ মহাবিদ্যালয়ৰ গণিত বিভাগৰ কৃতি শিক্ষক প্ৰয়াত খৰ্গেশ্বৰ ডেকাৰ চতুৰ্দশ মৃত্যু দিৱস উপলক্ষে পূব কামৰূপ মহাবিদ্যালয় প্ৰেক্ষাগৃহত বৃহস্পতিবাৰে "কৰ্কট ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ" সম্পৰ্কে এখনি বক্তৃতানুষ্ঠান আৰু স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। সভাৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে পূব কামৰূপ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ড' মোহন চন্দ্ৰ কলিতা দেৱে আৰু প্ৰয়াত খৰ্গেশ্বৰ ডেকাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰে ডেকাদেৱৰ সহধৰ্মিণী যুতিকা মহন্তই।

এটি বৰগীতেৰে আৰম্ভ হোৱা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে উপাধ্যক্ষ শ্ৰী যুত নাৰায়ণ গোস্বামীদেৱে। আদৰণি ভাষণ প্ৰদান কৰে পূব কামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ভূপেন কুমাৰ শৰ্মাদেৱে। শৰ্মাদেৱে প্ৰয়াত অধ্যাপক খৰ্গেশ্বৰ ডেকাদেৱৰ কৃতিত্ব শ্ৰদ্ধাৰে সোঁৱৰে আৰু কৰ্কট ৰোগ বিষয়ক বক্তৃতাৰ গুৰুত্ব সৰ্বাধিক বুলি কয়।

উত্তৰ-পূব কৰ্কট ৰোগ চিকিৎসালয় আৰু গৱেষণা প্ৰতিষ্ঠানৰ অধ্যক্ষ তথা বিশিষ্ট সমাজকৰ্মী গণেশ তামুলীদেৱে তেখেতৰ ভাষণত কৰ্কট ৰোগ নহ'বৰ বাবেহে সাৱধান হ'ব লাগে বুলি কয় । লগতে কয় যে, খাদ্যাভাস আদিৰেও আমি সাৱধানতা অৱলম্বন কৰিব পাৰি।

সভাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে উত্তৰ-পূব কৰ্কট ৰোগ চিকিৎসালয় আৰু গৱেষণা প্ৰতিষ্ঠানৰ উপ অধিক্ষক তথা কৰ্কট ৰোগ বিশেষজ্ঞ ডা: ধীৰেন কুমাৰ নাথদেৱ। তেখেত কৰ্কট ৰোগ চিনাক্তকৰণৰ লগতে ল'বলগীয়া সাৱধানতা আৰু প্ৰতিকাৰ সম্পৰ্কেও বক্তব্য আগবঢ়ায়। সভাত প্ৰয়াত খৰ্গেশ্বৰ ডেকাৰ স্মৃতিচাৰণ কৰে গণিত বিভাগৰ মুৰব্বী অধ্যাপিকা ৰীণা ডেকাই আৰু প্ৰয়াত খৰ্গেশ্বৰ ডেকাৰ পৰিয়ালৰ সদস্যা তথা প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ পৰ্যটন ব্যৱস্থাপনা বিভাগৰ মুৰব্বী অধ্যাপিকা বৰ্ণালী মহন্তই ডেকাদেৱৰ স্মৃতি সোঁৱৰে।

সভাৰ শেষত শলাগৰ শৰাই আগবঢ়ায় ডেকাদেৱৰ ছাত্ৰ তথা পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড' বিপুল ডেকাই । উক্ত বক্তৃতানুষ্ঠানত ডেৰ শতাধিকৰো অধিক শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।

পূব কামৰূপ মহাবিদ্যালয়ত "কৰ্কট ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ" সম্পৰ্কে বক্তৃতানুষ্ঠান সম্পন্ন
দিল্লীৰ সুৰা কেলেংকাৰীঃ আপৰ ৩ জ্যেষ্ঠ নেতাৰ পাছত এইবাৰ কোন যাব জেললৈ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in