Advertisment

নগাওঁ জিলাত সংখ্যালঘু উন্নয়ন পুঁজিৰ ধন ব্যৱহাৰত ব্যাপক অনিয়ম, দুটা বছৰে সম্পূৰ্ণ নহ’ল বিদ্যালয় গৃহ, VIDEO

নগাওঁ জিলাত সংখ্যালঘু উন্নয়ন পুঁজিৰ ধন ব্যৱহাৰত ব্যাপক অনিয়ম, দুটা বছৰে সম্পূৰ্ণ নহ’ল বিদ্যালয় গৃহ, VIDEO

author-image
asomiyapratidin
New Update
নগাওঁ জিলাত সংখ্যালঘু উন্নয়ন পুঁজিৰ ধন ব্যৱহাৰত ব্যাপক অনিয়ম, দুটা বছৰে সম্পূৰ্ণ নহ’ল বিদ্যালয় গৃহ, VIDEO

ডিজিটেল সংবাদ, কামপুৰঃ নগাওঁ জিলাৰ কঠিয়াতলী উন্নয়ন খণ্ডত সংঘটিত হৈছে এক বৃহত অনিয়ম। সংখ্যালঘু উন্নয়ন পুঁজিৰ ধন ব্যৱহাৰত ব্যাপক অনিয়ম সংঘটিত হৈছে। সংখ্যালঘু উন্নয়ন পুঁজিৰ প্ৰায় আঢ়ৈ কোটি টকাত সংঘটিত হৈছে এই অনিয়ম। জানিব পৰা মতে, ২০১৬-১৭ বৰ্ষত সংখ্যালঘু উন্নয়ন পুঁজিৰে কঠিয়াতলী উন্নয়ন খণ্ডৰ বিভিন্ন ঠাইৰ ২৪ খন বিদ্যালয়ৰ গৃহ নিৰ্মাণৰ বাবে ২ কোটি ৪৯ লাখ ৬০ হাজাৰ টকা অনুমোদন হয়।

Advertisment

অনুদিত ধনৰ বিপৰীতে প্ৰতিখন বিদ্যালয়ৰ কাম কৰা হয় যদিও আজিকোপতি আধৰুৱা হৈ থাকিল সেই ঘৰবোৰ। দুটা বছৰে আধৰুৱা হৈ থকা বিদ্যলয় কেইখনৰ কতৃপক্ষই উন্নয়ন খণ্ডকে ধৰি বিভিন্ন মহলত যোগাযোগ কৰিছে যদিও আজিও সুফল নাপালে।

দীৰ্ঘদিন ধৰি বিদ্যালয় গৃহৰ অভাৱত অসুবিধাৰ সন্মুখীন হৈ অহা বিদ্যালয় কতৃপক্ষই এটা গৃহ অনুমোদন পোৱাত সন্তুস্তি লাভ কৰিছিল যদিও দুটা বছৰে ইয়াৰ কাম সম্পূৰ্ণ নোহোৱাত সমস্যাত পৰিছে। বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলে বিদ্যালয়গৃহটো সম্পূৰ্ণ কৰিবৰ বাবে দাবী জনাইছে।