কঠীয়াতলীৰ কন্দলীত বনানী সেউজীকৰণ আঁচনিৰ পৰিদৰ্শন এন আৰ এলৰ বিষয়াৰ

নগাঁও বন সংমণ্ডল কাৰ্যালয়ৰ অন্তৰ্গত কঠীয়াতলী আঞ্চলিক বন বিষয়াৰ অধীনস্থ কন্দলী প্ৰস্তাৱিত বনাঞ্চল গাভৰু জুৰিৰ সমীপত হাতী মানুহৰ সংঘাত দূৰ কৰাৰ উদ্দেশ্যেৰে লোৱা হৈছে বিশেষ পদক্ষেপ।

author-image
Asomiya Pratidin
New Update
কঠীয়াতলীৰ কন্দলীত বনানী সেউজীকৰণ আঁচনিৰ পৰিদৰ্শন এন আৰ এলৰ বিষয়াৰ

ডিজিটেল সংবাদ ,কামপুৰ: নগাঁও বন সংমণ্ডল কাৰ্যালয়ৰ অন্তৰ্গত কঠীয়াতলী আঞ্চলিক বন বিষয়াৰ অধীনস্থ কন্দলী প্ৰস্তাৱিত বনাঞ্চল গাভৰু জুৰিৰ সমীপত হাতী মানুহৰ সংঘাত দূৰ কৰাৰ উদ্দেশ্যেৰে লোৱা হৈছে বিশেষ পদক্ষেপ। ৩৫ হেক্টৰ ভূমিত ভাৰতীয় তেল আৰু প্ৰাকৃতিক গেছ আয়োগৰ উদ্যোগত বনানী সেউজীকৰণ আঁচনিৰ জৰিয়তে বিভিন্ন মূল্যবান গছ-গছনি ৰোপন কৰি প্ৰকৃতি সংৰক্ষণৰ লগতে এখন বৃহৎ বনাঞ্চলৰ সৃষ্টি কৰা হৈছে।

Advertisment

বুধবাৰে তেল নিগমৰ ফালৰ পৰা অহা মুখ্য বন সংৰক্ষণ বিষয়া অলক নাথ আৰু অভিজিৎ কোঁৱৰে আঁচনিখন পৰিদৰ্শন কৰি জিলা বন সংমণ্ডল বিষয়া ভাস্কৰ ডেকা আৰু কঠীয়াতলী বনাঞ্চলিক বিষয়া আনন্দ কাকতিৰ প্ৰছেষ্টাত ঠনধৰি উঠা আঁচনিখনৰ বাবে অশেষ ধন্যবাদ জনায়। ইতিমধ্যে সকলো গছপুলি ডাঙৰ দীঘল হোৱাত পাহাৰটোৰ প্ৰাকৃতিক সৌন্দৰ্য বৰ্দ্ধন হোৱা পৰিলক্ষিত হৈছে।

পাহাৰৰ সকলো গছ-গছনি কাটি খাস্তাং কৰাৰ বাবে হাতী মানুহৰ সংঘাত দুৰ কৰাত যথেষ্ট সকাহ হব বুলি বিষয়া দুগৰাকীয়ে আশা ব্যক্ত কৰে। পৰিদৰ্শনৰ কালচোৱাত বন বিভাগৰ বহু বিষয়া কৰ্মচাৰী উপস্থিত থাকে।