/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/HUIKJDKD.jpg)
ডিজিটেল সংবাদ, কামপুৰঃ এইবাৰ অসম আৰক্ষীৰ বিৰুদ্ধে আৰক্ষী থানাৰ সন্মুখতে গ'বেক ধ্বনি দিলে শতাধিক মহিলাই । যোৱা ১৫ মে'ত কামপুৰ থানাৰ অন্তৰ্গত কাকতিগাঁও বৰুৱাবালিত পথাৰৰ মাজত এগৰাকী উলংগ কিশোৰীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছিল । এটা অস্থায়ী জুপুৰিৰ ভিতৰত উলংগ অৱস্থাত উদ্ধাৰ হৈছিল কিশোৰী গৰাকীৰ মৃতদেহটো । মৃতদেহটো স্থানীয় কুলচুমা খাতুন নামৰ কিশোৰী গৰাকীৰ বুলি চিনাক্ত কৰাৰ লগতে কিশোৰী গৰাকীক ধৰ্ষণ কৰি হত্যা কৰা বুলি সন্দেহ কৰিছিল ।
পৰিয়ালৰ অভিযোগ মতে, স্থানীয় জনৈক খলিলুদ্দিন নামৰ যুৱক জনে ফোনযোগে পিতৃহীনা কুলচুমাক ঘৰৰ পৰা মাতি আনিছিল আৰু তেতিয়াৰ পৰা কুলচুমাৰ কোনো সন্ধান নাছিল । কিন্তু ১৫ মে'ত পথাৰৰ মাজৰ জুপুৰিটোত উলংগ অৱস্থাত কিশোৰী গৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে যদিও চৈধ্য দিন উকলি যোৱাৰ পাছতো মূল অপৰাধীক কাৰায়ত্ত কৰিব নোৱাৰাত সমগ্ৰ অঞ্চলটোতে প্ৰতিবাদৰ জোৱাৰ উঠিছে ।
বুধবাৰে সদৌ অসম প্ৰগতিশীল নাৰী সন্থাই এক প্ৰতিবাদী কাৰ্যসূচী হাতত লৈ কামপুৰ থানা ঘেৰাও কৰি আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদী সকলে আৰক্ষী গ'বেক, অসম আৰক্ষী মূৰ্দ্দাবাদ, কামপুৰ আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়াক বখাস্ত কৰক, হত্যাকাৰীক আটক কৰিব নোৱাৰা আৰক্ষী হায় হায় আদি শ্ল'গানৰে থানাৰ আকাশ বতাহ কপাঁই তুলে ৷ শীঘ্ৰে ধৰ্ষণ-হত্যাকাৰী খলিলুদ্দিনক গ্ৰেপ্তাৰ নকৰিলে ইয়াতকৈও ভয়াবহ আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে প্ৰগতিশীল নাৰী সন্থাই ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us
 Follow Us