ডিজিটেল সংবাদ, কামপুৰঃ কামপুৰৰ ঘিলানীত উত্তেজনা৷ এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি এই উত্তেজনা৷ নিহত যুৱকজন হিপজুৰ ৰহমান৷ যুৱকজনক বিহ খুৱাই হত্যা কৰাৰ গুৰুতৰ অভিযোগ পত্নী আৰু শহুৰৰ পৰিয়ালৰ বিৰুদ্ধে৷
পত্নীসহ পাঁচজন লোকৰ বিৰুদ্ধে ৰাঙলু থানাত এজাহাৰ দাখিল বিবাহিত যুৱকজনৰ পৰিয়ালৰ৷ পত্নীৰ পৰ পুৰুষৰ লগত অবৈধ সম্পৰ্ক থকাৰ বাবেই এই হত্যাকাণ্ডৰ সন্দেহ৷ পৰকীয়া প্ৰেমৰ বাবেই দীৰ্ঘদিন ধৰি পতী পত্নীৰ মাজত চলি আছিল সংঘাট৷
ৰাঙলুৰ ভাড়াঘৰত পত্নী ফাৰহান খান, আমিনা বেগম, ফুলকণ বেগম, আফাজ উদ্দিন আৰু চামচুল হকে মিলি বিহ খুৱাই হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ৷