বানপানীৰ ভয়াৱহতা পাহৰি কামপুৰৰ চাংচকী পথাৰত এজাক মহিলা, VIDEO…

বানপানীৰ ভয়াৱহতা পাহৰি কামপুৰৰ চাংচকী পথাৰত এজাক মহিলা, VIDEO…

author-image
asomiyapratidin
New Update
বানপানীৰ ভয়াৱহতা পাহৰি কামপুৰৰ চাংচকী পথাৰত এজাক মহিলা, VIDEO…

ডিজিটেল সংবাদ, কামপুৰঃ এতিয়া শাওন মাহ । ন – ভূঁইত চহা কৃষকৰ জীৱন আৰু সপোন ৰচাৰ সময় ।শাওঁন মাহ অহাৰ লগে লগে সেউজীয়া দপোন দেখি শাওঁনৰ বোকা পথাৰত কঠিয়া ন ভূঁই ৰোৱাত ব্যস্ত সকলো । কিন্ত শাওঁন মাহত কামপুৰৰ কৃষকৰ মাজত এখন বিপৰীত ছবি ।

Advertisment

প্ৰলংকাৰী বানে কৃষকৰ সকলো সপোন চুৰমাৰ কৰি লৈ গল ।তথাপিও বানপানীৰ ভয়াৱহতা পাহৰি কামপুৰৰ দক্ষিণ চাংচকী পথাৰত ব্যস্ত হৈ পৰিছে এজাক মহিলা ।প্ৰকৃতিৰ ধ্বংললীলা পাছতো চাংচকীৰ সাৰথি আত্ম সহায়ক গোটৰ মহিলা সকল ব্যস্ত হৈ কৃষি কৰ্মত ।

সাৰথি আত্ম সহায়ক গোটৰ এই সকল মহিলাই পাঁচ বিঘাকৈ মাটি বন্ধকত লৈ কৃষিকৰ্মত নামিছিল যদিও বানপানীয়ে কঠিয়া বোৰ মাৰি পেলালে ।সেয়ে এতিয়া প্ৰায় দুই কি: মিঃ দূৰৰ পৰা কঠিয়া আনি সেউজীয়া কৰিছে পথাৰ খন ৷ আত্মসহায়ক গোটটোৰ এই কৃষিকৰ্মক সকলোৱে শলাগ লৈছে ।