কল্যাণ বৰুৱা সাংবাদিকতা বঁটা ২০২৫ ৰ বাবে আবেদনৰ আহ্বান

সংস্থা দুটাই ঘোষণা কৰা তথ্য অনুসৰি ২০২৫ বৰ্ষত এই বঁটা মুঠ ৫টা শিতানত প্ৰদান কৰা হ’ব। প্ৰিণ্ট, ডিজিটেল মিডিয়া, ইলেক্ট্ৰ’নিক মিডিয়া, ষ্টীল ফটোগ্ৰাফাৰ আৰু ভিডিঅ’ গ্ৰাফাৰ শিতানত এই বঁটা প্ৰদান কৰা হ’ব।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,গুৱাহাটীঃদিল্লীস্থ বেচৰকাৰী সংস্থানৰ্থ-ইষ্ট মিডিয়া ফ’ৰাম’ আৰু ‘মাই হ’ম ইণ্ডিয়া’ই প্ৰয়াত জ্যেষ্ঠ সাংবাদিক কল্যাণ বৰুৱাৰ স্মৃতিত ২০২৫ বৰ্ষৰ ‘কল্যাণ বৰুৱা সাংবাদিকতা বঁটাৰ আবেদন প্ৰেৰণৰ আহ্বান জনাইছে। 

এক প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰা অনুসৰি,সংস্থা দুটাই ঘোষণা কৰা তথ্য অনুসৰি ২০২৫ বৰ্ষত এই বঁটা মুঠ ৫টা শিতানত প্ৰদান কৰা হ’ব। প্ৰিণ্ট, ডিজিটেল মিডিয়া, ইলেক্ট্ৰ’নিক মিডিয়া, ষ্টীল ফটোগ্ৰাফাৰ আৰু ভিডিঅ’ গ্ৰাফাৰ শিতানত এই বঁটা প্ৰদান কৰা হ’ব।

এই বঁটাৰ প্ৰতিটো শিতানৰ বাবে সাংবাদ কৰ্মী সকলে নিজেই আবেদন কৰিব পাৰিব। ৫টা শিতানত কোনো এজন সাংবাদিকক আন এজন সাংবাদিকেও মনোনীত কৰিব পাৰিব। পাছত জুৰীৰ দ্বাৰা নিৰ্বাচিত সকলক এই বঁটা প্ৰদান কৰা হ'ব।

উল্লেখ্য যে, আৱেদনৰ শেষ সময় ১০ নৱেম্বৰ বুলি প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ কৰিছে। বিগত বৰ্ষ সমূহত কল্যাণ বৰুৱা সাংবাদিকতা বঁটা প্ৰদানৰ অনুষ্ঠানটি নতুন দিল্লীত আয়োজন কৰা হৈছিল।

কল্যাণ বৰুৱা সাংবাদিকতা বঁটা