কপিলী খণ্ড সমল কেন্দ্ৰত দিব্যাংগ শিশুৰ বাবে পৰিচৰ্যা কেন্দ্ৰ মুকলি…

কপিলী খণ্ড সমল কেন্দ্ৰত দিব্যাংগ শিশুৰ বাবে পৰিচৰ্যা কেন্দ্ৰ মুকলি…

author-image
asomiyapratidin
New Update
কপিলী খণ্ড সমল কেন্দ্ৰত দিব্যাংগ শিশুৰ বাবে পৰিচৰ্যা কেন্দ্ৰ মুকলি…

ডিজিটেল সংবাদ, বেবেজীয়া: সৰ্বশিক্ষা মিছনৰ অধীনৰ মৰিগাঁও জিলাৰ কপিলী খণ্ড সমল কেন্দ্ৰৰ কাৰ্যালয়ত সোমবাৰে দিব্যাংগ শিশুৰ বাবে এটি দৈনিক পৰিচৰ্যা কেন্দ্ৰ মুকলি কৰা হয়। মৰিগাঁৱৰ জালুগুটিস্থিত কপিলী খণ্ড সমল কেন্দ্ৰৰ কাৰ্যালয়ত উক্ত কেন্দ্ৰটি আনুষ্ঠানিকভাৱে মুকলি কৰে কপিলী খণ্ড মিছন সমন্বয়ক সমৰ বৰুৱাই।

Advertisment

উক্ত অনুষ্ঠানটিত সৰ্বশিক্ষা মিছনৰ কপিলী খণ্ড সমল কেন্দ্ৰৰ জ্যেষ্ঠ গাণনিক সৌমিত্ৰ পাল, সৰ্বশিক্ষা মিছনৰ সংহত শিক্ষা বিভাগৰ সমল ব্যক্তি ক্ৰমে মুনিন শৰ্মা, গিৰেণ বৰা আৰু বলেন্দ্ৰ নাথ, কপিলী খণ্ডৰ চি আৰ চি সকল ক্ৰমে গিৰীণ বৰকাকতি,সঞ্জীৱ নাথ,ৰঞ্জনজ্যোতি মহন্ত, প্ৰণৱজ্যোতি নাথ আদি উপস্থিত থাকে। উল্লেখ্য যে, আজি উদ্বোধনী দিনা কেন্দ্ৰটিত বিশিষ্ট ফিজিঅ'থেৰাপিষ্ট ডা: মাধৱ নাথে ১০ গৰাকীৰো অধিক দিব্যাংগ শিশুৰ পৰিচৰ্যা কৰাৰ লগতে অভিভাৱকসকলক শিশুকেইটিৰ প্ৰতিপালনৰ ক্ষেত্ৰত কৰণীয়সমূহ জনায়।