কলিয়াবৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস আয়োজনৰ প্ৰস্তুতি…

কলিয়াবৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস আয়োজনৰ প্ৰস্তুতি…

ডিজিটেল সংবাদ, কলিয়াবৰ: কলিয়াবৰ প্ৰেছ ক্লাবৰ উদ্যোগত আৰু কলিয়াবৰ মহকুমা প্ৰশাসনৰ সহযোগত অহা ১৬ নৱেম্বৰত জখলাবন্ধা হাস্পতাল চাৰিআলিস্থিত কলিয়াবৰ প্ৰেছ ক্লাবৰ কাৰ্য্যালয় প্ৰাঙ্গণত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ আয়োজন কৰিছে। পুৱা ১০:৩০ বজাত প্ৰয়াত সাংবাদিক সকলৰ স্মৃতিত বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পণৰ পাছতেই মুকলি সভা অনুষ্ঠিত হ'ব। উক্ত অনুষ্ঠানতেই প্ৰাক্তন সংবাদসেৱী সকলক কলিয়াবৰ প্ৰেছ ক্লাৱৰ তৰফৰ পৰা সম্বৰ্দ্ধনা জ্ঞাপন কৰিব।

ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ মূল বিষয়- "গণ মাধ্যমক সমীহ নকৰে কোনে" শীৰ্ষক বিষয়ৰ ওপৰত জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তই সমল ব্যক্তি ৰূপে উপস্থিত থাকিবলগীয়া অনুষ্ঠানত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত মুখ্য অতিথি ৰূপে উপস্থিত থাকিব। ৰাষ্ট্ৰীয় প্ৰেছ দিৱস অনুষ্ঠানত সকলোৰে সহযোগিতা উদ্যোক্তা সকলৰ হৈ মহকুমাধিপতি পবিত্ৰ কুমাৰ দাস আৰু কলিয়াবৰ প্ৰেছ ক্লাবৰ সভাপতি তপন শইকীয়া, সম্পাদক জয়ন্ত কুমাৰ শৰ্মাই কামনা কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in