/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/11/record-news-bholiballallanewsface.jpg)
ডিজিটেল সংবাদ, কলিয়াবৰ: এটা চাউলত চাৰি ৰাষ্ট্ৰৰ চাৰিখন ৰঙীন ৰাষ্ট্ৰীয় পতাকা অংকণেৰে ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰাবলৈ সক্ষম হ'ল কলিয়াবৰৰ এগৰাকী মেধাৱী ছাত্ৰীয়ে। নাম তেওঁৰ প্ৰতিভা মহিলাং। যোৱা ২ নৱেম্বৰত তেওঁক ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ কৰ্তৃপক্ষই প্ৰদান কৰে এই বিৰল সন্মান। নগাঁও জিলাৰ কলিয়াবৰৰ দলগাঁও নিবাসী মানদাস সৎনামী আৰু অনিমা সৎনামীৰ জ্যেষ্ঠা কন্যা প্ৰতিভা মহিলাঙে তেওঁৰ নিজ প্ৰতিভাৰে আজুৰি অনা বিৰল সন্মানে জিলাখনৰ লগতে ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
উল্লেখ্য যে, ছাত্ৰী গৰাকীয়ে এটা চাউলত ভাৰত, বাংলাদেশ, ইণ্ডোনেছিয়া আৰু জাপান এই চাৰিওখন ৰাষ্ট্ৰৰ চাৰিখন ৰাষ্ট্ৰীয় পতাকা অংকন কৰিছিল। বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত ডিমৰীয়া মহাবিদ্যালয়ৰ পৰা এনভাইৰ'মেন্টেল মেনেজমেন্ট (Environmental Management) বিষয়ত স্নাতকোত্তৰ পাঠ্যক্ৰম সমাপ্ত কৰি বৰ্তমান এ পি এছ চিৰ কাৰণে প্ৰস্তুতি চলায় থকা চৌবিশ বছৰীয়া প্ৰতিভাৰ এই কৃতিত্বই এতিয়া সকলোকে মোহিত কৰিছে। লগতে তেওঁৰ প্ৰতিভা আৰু যোগ্যতাক সন্মান জনাই শলাগ লৈছে সমগ্ৰ কলিয়াবৰবাসীয়ে।