/asomiyapratidin/media/media_files/2025/12/30/addddddddddd-2025-12-30-23-28-52.jpg)
ডিজিটেল সংবাদ,কলিয়াবৰঃ কলিয়াবৰত অদক্ষ প্ৰশাসনিক বিষয়াৰ দক্ষতা সন্দৰ্ভত প্ৰশ্ন উত্থাপিত প্ৰসংগই সম্প্ৰতি বিশেষ চৰ্চা লাভ কৰিছে । উল্লেখ্য যে, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতিয়ে মঙলবাৰে নগাঁও জিলা আয়ুক্ত গৰাকীক সাক্ষাৎ কৰি কলিয়াবৰৰ সমজিলা আয়ুক্ত ৰাজ বৰুৱাৰ দক্ষতা সন্দৰ্ভত প্ৰশ্ন উত্থাাপন কৰি বিষয়াগৰাকীক শীঘ্ৰে বদলিকৰণৰ দাবী জনাই এখনি স্মাৰক পত্ৰ প্ৰদান কৰে ।
যুৱ ছাত্র পৰিষদৰ কলিয়াবৰ জিলা ভাৰপ্রাপ্ত সভাপতি সম্পাদক ক্ৰমে অবিনাশ বৰা আৰু মৃগাংক বৰাৰ নেতৃত্বত যোৱা সজাতি দলটোৱে কলিয়াবৰ সমজিলা আয়ুক্ত ৰাজ বৰুৱাৰ বদলিকৰণৰ দাবী জনায় প্ৰদান কৰা স্মৰণ পত্ৰ খনিত বিশেষ ভাবে উল্লেখ কৰে যে কলিয়াবৰৰ বৰ্তমানৰ সমজিলা আযুক্ত ৰাজ বৰুৱাৰ প্রশাসনিক দক্ষ্যতাৰ ক্ষেত্ৰত যথেষ্ট প্রশ্ন উত্থাপন হোৱাৰ লগতে কলিয়াবৰবাসীৰো দৃষ্টিগোচৰ হৈছে।
বিশেষকৈ আয়ুক্তগৰাকীয়ে কলিয়াবৰৰ বিভিন্ন সমস্যাসমূহ সমাধানৰ ক্ষেত্রত সম্পূর্ণ আওকণিয়া মনোভাৱ গ্ৰহণ কৰাৰ লগতে সমস্যাসমূহ সমাধান কৰাৰ পৰিৱৰ্তে অধিক জটিলৰ পৰা জটিলতালৈ ঠেলি দিয়াহে পৰিলক্ষিত হৈছে। এই বিষয়া গৰাকীয়ে একনায়কত্বভাবে প্রশাসন পৰিচালনা কৰাৰ পৰিপ্ৰেক্ষিতত এক অৰাজক পৰিৱেশ সৃষ্টি হৈছে যাৰ বাবে সৰ্বসাধাৰণ ৰাইজ জীয়াতু ভুগিব লগাত পৰিছে।
স্মাৰক পত্ৰ খনিত আৰু উল্লেখ কৰে যে, আযুক্ত গৰাকীয়ে সর্বসাধাৰণ ৰাইজ তথা জাতীয় সংগঠন সমূহক আংগুষ্ঠ প্রদর্শণ কৰি সামাজিক সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত কোনোধৰণৰ দল-সংগঠনৰ লগত আলোচনা নকৰাকৈ নিজাববীয়াকৈ লোৱা সিদ্ধান্তই সমস্যাসমূহ আৰু অধিক জটিলতালৈ লৈ যোৱাহে দৃষ্টিগোচৰ হৈছে।
এজন প্রশাসনিক বিষয়া হিচাপে তেওঁৰ সামাজিক দায়বদ্ধতাৰ ক্ষেত্ৰত যেনেধৰণে গুৰুত্ব প্রদান কৰিব লাগিছিল সেয়া যেন ক'ৰবাত নহয় ক'ৰবাত কলিয়াবৰীয়া ৰাইজে অভাৱ অনুভৱ কৰিছে। সেয়েহে এই বিষয়াগৰাকীক ১৫ দিনৰ ভিতৰত কলিয়াবৰৰ পৰা বদলি কৰিবৰ বাবে পৰিষদে দাবী জনোৱাৰ কথা উল্লেখ কৰে। অন্যথা পৰিষদৰ কলিয়াবৰ জিলা সমিতিয়ে স্থানীয় ৰাইজৰ সহযোগত গণতান্ত্রিক প্রতিবাদী কার্যসূচী গ্রহণ কৰিবলৈ বাধ্য থাকিব বুলি স্মাৰক পত্ৰ খনিত উল্লেখ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us