/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/460cedf1-a4f0-4ff9-a621-689812660c7b.jpg)
ডিজিটেল সংবাদ, মইনবড়িঃ ৰাজ্যখনৰ লগতে বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰ এলেকাত দুবাৰকৈ হোৱা ভয়াবহ বানপানীত ৯৪ খন গাঁৱৰ দুই লক্ষাধিক লোক ক্ষতিগ্ৰস্ত হৈছে। উক্ত বানপানীত দুৰ্ভাগ্যজনক ভাৱে মৃত্যু হোৱা বৰভিটা গাঁৱৰ আশ্ৰব আলীৰ পাঁচ বছৰীয়া পুত্ৰ আল-আমিন আৰু চিকনী সাওৰাচৰা গাঁৱৰ মুকবুল হুছেইন (৭৯)ৰ পৰিয়াললৈ চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষই জনে প্ৰতি চাৰি লাখ টকাকৈ সাহায্য আগবঢ়ায়।
সোমবাৰে দুপৰীয়া কলগাছিয়া ৰাজহ চক্ৰৰ কাৰ্যালয়ত চক্ৰ বিষয়া অজিত কলিতাই মৃতকৰ পৰিয়াললৈ চেক প্ৰদান কৰে। টকাৰ চেক গ্ৰহণ কৰি আত্মীয়ই শোকাকূল হৈ পৰে।