কবিতা/২১ আখাচিৎ

কবিতা/২১ আখাচিৎ

author-image
asomiyapratidin
New Update
কবিতা ৫/ সাংবাদিকবোৰ মৰাৰ যোগ্য

নৱজ্যোতি পাঠক

Advertisment

বিছ্ৰি ভুইব্ৰা তুইল্লিও
পৰ্বতোত কাচুৰ ডিমা নাপোই
আকেখান চাইনাত নবাগোই
লাউ-কুম্ৰা

এতে আখাচিৎ হৰ বেজাৰ নাই

মাটি মাটিয়ে সনা সনাই
লহা পিট্‌ল্লি অস্ত্ৰো
শিল্পো-কলাতো লাগে , যুদ্ধতো

সাম্ৰি-সুত্ৰি বালি চৈনাতো
চোখু-মুখে গায়-গাৰি
সনাফুল ফুলে

কৰ্কৈৰা দিনোৰ পাছোত
পুৰখুন্দাই ৰ'দ পুৰখুন্দাই বৈঢ়ান
পানী-পহৰৰ মায়া খেলা
এগ্লাই আখা !

বাহোৰ শখাৰ গুম্‌গুইমা জুইত জাৰ জ্বলে
পোখ্ৰীৰ মাছে আধাৰ খুইতে
ঘাট ঘলা কৰে
উৰে আহি চৰে কেত্তিমান
চতালোৰ আককোনাই পৰে
আধাবেইৰা ঠুথোত তুলি
ভুৰুংকে উৰে মাৰে
চানাকেতা কলমলে আছে বাৰীৰ বাহাত

এনাই আখাত চিৎ হবাৰ নুই
খাবাৰো নাই চিতভংলা

বেহাৰ ফুলে
ফুলে গেন্ধে জবা
চৈতানো ফুলে

গন্ধৰাজৰ গন্ধত গাঞাৰ
গহইঘৰোক নামি আহে
সুখোৰ বৈকুণ্ঠ

আধাপেটি শুইন সম্পত্তি
ৰখা চোখুত পাচাৰাতি সপান আকজাকে হৈদাম পাতি আলচ কৰে—-

এতে আখা কি নিৰাখা কি
চোব আকে
গাউ গিলা আছে মান্‌হু গিলা আছে

গাছোৰ পাত আৰু কোইল্‌জাৰ ৰঙো সকল সহাই আকে

সি-স্বৰ্গো চিৰ বসন্ত
ই-স্বৰ্গো হুহি-হোইধ্বেনি

কুঞা পানী দেখি পাগ্লা-বুঢ়াৰ বুকোত
দধিবানৰ দিপেইৰা সপান
আখাচিৎ !

assam poet poem