ৰঞ্জন গগৈ হ’ব দেশৰ মুখ্য ন্যায়াধীশ, ৩ অক্টোবৰত শপতগ্ৰহণ

ৰঞ্জন গগৈ হ’ব দেশৰ মুখ্য ন্যায়াধীশ, ৩ অক্টোবৰত শপতগ্ৰহণ

author-image
asomiyapratidin
New Update
অসমৰ ৰঞ্জন গগৈয়েই হ’ব দেশৰ মুখ্য ন্যায়াধীশ, খাৰিজ প্ৰত্যাহ্বান আবেদন

ডিজিটেল ডেস্কঃ অসম সন্তান ৰঞ্জন গগৈ হ'ব দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ। শনিবাৰে এয়া নিশ্চিত হৈ পৰে। পূৰ্বৰ পৰম্পৰা অনুযায়ী জ্যেষ্ঠতাৰ ভিত্তিত গগৈয়ে এই দায়িত্ব গ্ৰহণ কৰিব।

বৰ্তমানৰ দেশৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰই কেন্দ্ৰীয় চৰকাৰলৈ ৰঞ্জন গগৈৰ নাম প্ৰস্তাৱ কৰাৰ পিছতে অন্ত পৰে এই ক্ষেত্ৰত দেখা দি অহা সকলো অনিশ্চয়তাৰ। এতিয়া অহা ৩ অক্টোবৰত দেশৰ নতুন মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিব ৰঞ্জন গগৈয়ে।

উল্লেখ্য যে, ২০০১ চনত গুৱাহাটী উচ্চ ন্যায়ালয়ত ন্যায়াধীশৰূপে নিযুক্তি লাভ কৰিছিল গগৈয়ে। ২০১১ চনৰ ১২ ফেব্ৰুৱাৰীত তেওঁ পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে নিযুক্তি লাভ কৰে। সৰ্বোচ্চ ন্যায়ালয়ত গগৈয়ে ন্যায়াধীশৰ দায়িত্ব লাভ কৰে ২০১২ চনত।

এন আৰ চিক লৈ উচ্চতম ন্যায়ালয়ত চলি থকা গোচৰটো এইগৰাকী ন্যায়াধীশৰ খণ্ড বিচাৰপীঠখনেই পৰ্যবেক্ষণ কৰি আহিছে। যোৱা জানুৱাৰী মাহত গণতন্ত্ৰ সংকটাপন্ন হৈ পৰিছে বুলি সংবাদমেল আয়োজন কৰা ৪গৰাকী জ্যেষ্ঠ ন্যায়াধীশৰ ভিতৰত ৰঞ্জন গগৈয়ো আছিল।