/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/eimuhurtor-khobor-copy-1.jpg)
ডিজিটল ডেস্কঃ দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছে কনিষ্ঠ চিকিৎসকসকলে। NEET পৰীক্ষাৰ কাউন্সিলিং প্ৰক্ৰিয়া বিলম্ব কৰাৰ প্ৰতিবাদত কনিষ্ঠ চিকিৎসকলে এই প্ৰতিবাদ সাব্যস্ত কৰিছে। অসমতো গুহাৱাটী চিকিৎসা মহাবিদ্যালয়ৰ লগতে অন্যান্য চিকিৎসা মহাবিদ্যালয়কেইখনতৰ কনিষ্ঠ চিকিৎসকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে।
কেৱল NEET পৰীক্ষাৰ কাউন্সিলিংয়েই নহয় কিনিষ্ঠ চিকিৎসক সকলৰ আছে কেইবাদফীয়া দাবী। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত আৱাসীক কনিষ্ঠ চিকিৎসকলে প্ৰতিবাদ সাব্যস্ত কৰি। প্ৰতিবাদত লিপ্ত হোৱা কনিষ্ঠ চিকিৎসকল বহিঃবিবাগৰ কৰ্তব্যৰ পৰা বিৰত আছে।
জি এম চি এইছৰ কনিষ্ঠ চিকিৎসকে এই প্ৰতিবাদ সম্পৰ্কত কৈছে, বহিঃবিভাগত য'ত ৪০ জন কনিষ্ঠ চিকিৎসকে কাম কৰিব লাগে তাত বৰ্তমান ১৫ জনেহে কাম কৰি আছো। তেওঁলোকৰ প্ৰশ্ন অতিৰিক্ত কাম আৰু কেতিয়ালৈকে কৰিব লাগি?
মানুহৰ দুখ-কষ্ট দেখি চিকিৎসক হিচাপে অতিৰিক্ত দায়িত্ব পালন কৰিলেও আমিও মানুহ। অতিৰিক্ত দায়িত্ব পালন কৰি কৰি আমাৰো দেহাই নটনা হৈছে। এই মন্তব্য জি এম চি এইছৰ প্ৰতিবাদী কনিষ্ঠ চিকিৎসকৰ। তেওঁলোকে শনিবাৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়ত বহিঃবিভাগ বন্ধ ৰাখি এই প্ৰতিবাদ সাব্যস্ত কৰিছে। আৱশ্য জৰুৰীকালীন সেৱাৰ চিকিৎসা ব্যৱস্থা অব্যাহত ৰাখিছে।
ইফালে ডিব্ৰুগড় মেডিকেল কলোজৰ কনিষ্ঠ চিকিৎসকসকলেও এই প্ৰতিবাদত অংশগ্ৰহণ কৰিছে। তেওঁলোকে অৱশ্যে বহিঃবিভাগ বন্ধ নাৰাখি গোট গোটকৈ এই প্ৰতিবাদত লিপ্ত হৈছে।