মথুৰাপুৰত চৰাইদেউ জিলা সাংবাদিক সন্থাৰ সভা

দেওবাৰে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ চৰাইদেউ জিলা সমিতিৰ এখন গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা মথুৰাপুৰ ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত হৈ যায় ৷

author-image
Asomiya Pratidin
New Update
মথুৰাপুৰত চৰাইদেউ জিলা সাংবাদিক সন্থাৰ সভা

ডিজিটেল সংবাদ,মথুৰাপুৰঃ দেওবাৰে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ চৰাইদেউ জিলা সমিতিৰ এখন গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা মথুৰাপুৰ ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত হৈ যায় ৷ সন্থাৰ জিলা সমিতিৰ সভাপতি মৃদুল কুমাৰ চাহুৰ সভাপতিত্ব অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই সম্পাদক ধ্ৰুৱজ্যোতি বৰুৱাই ৷

সভাই জিলাখনৰ ন-পুৰণি সাংবাদিক সকলৰ চমু জীৱন পঞ্জী চলিত বৰ্ষত প্ৰকাশ কৰা, জিলা ভিত্তিত সাংবাদিক বঁটা আৰু ৰাজ্যিক পৰ্যায়ত সাংবাদিক- সাহিত্যৰ বঁটা প্ৰদান লগতে আগন্তুক ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰে ধৰি কেইবাটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে ৷

assam