/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/44b07635-7c9c-46a3-abd1-3fc0d64c5033/AP_FOR_WEB_AALAMGIR.jpg)
ডিজিটেল ডেস্কঃ নিৰুদ্দেশ হৈ থকা সাংবাদিকৰ মৃতদেহ উদ্ধাৰ। সোমবাৰে কামৰূপ(গ্ৰাম্য)ৰ কলহী নদীৰ পৰা উদ্ধাৰ হয় সাংবাদিক আব্দুৰ ৰৌফ আলমগীৰৰ মৃতদেহ। শনিবাৰৰ(২৪ জুন) দিনা বকোৰ জামবাৰীৰ পৰা নিৰুদ্দেশ হৈ আছিল আব্দুৰ।
স্থানীয় লোকৰ সন্দেহ কৰা অনুসৰি আব্দুৰক প্ৰথম অৱস্থাত অপহৰণ আৰু পাছত কোনো দুৰ্বৃত্তই হত্যা কৰে। পৰৱৰ্তী সময়ত নদীত পেলাই দিয়ে মৃতদেহটো। আনহাতে আব্দুৰৰ মৃতদেহত কেইবাটাও আঘাতৰ চিন স্পষ্ট প্ৰত্যক্ষ কৰে আৰক্ষীয়ে।
বকো আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। লগতে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। উল্লেখ্য যে, আজি পুৱাৰ ভাগত স্থানীয়লোকে আব্দুৰৰ মৃতদেহটো নদীত প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিছিল।
Also Read: 'ডিউটি শেষ'- গন্তব্য স্থান পোৱাৰ আগতে বিমান অৱতৰণ পাইলটৰ, যাত্ৰী আহিব লগা হ'ল বাছেৰে
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us