বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অভিনন্দন অনুষ্ঠান

বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত এখনি সম্বৰ্ধনা সভা অনুষ্ঠিত হয় ৷ উক্ত সভাত যোৰহাট জিলা সহঃ আয়ুক্ত, তিতাবৰ সম জিলাৰ ৰাজহ চক্ৰ বিষয়াকে প্ৰমুখ্যে কৰি বৰহোলা অঞ্চলৰ ভালেকেইজন শিক্ষাবিদ উপস্থিত থাকে ৷

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,ঘিলাধাৰীঃ বিগত বৰ্ষৰ দৰে এইবাৰো বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ-ছাত্ৰী সকলক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয় ৷

Advertisment

সেই উদ্দেশ্য বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত এখনি সম্বৰ্ধনা সভা অনুষ্ঠিত হয় ৷ উক্ত সভাত যোৰহাট জিলা সহঃ আয়ুক্ত, তিতাবৰ সম জিলাৰ ৰাজহ চক্ৰ বিষয়াকে প্ৰমুখ্যে কৰি বৰহোলা অঞ্চলৰ ভালেকেইজন শিক্ষাবিদ উপস্থিত থাকে ৷

আজিৰ এই সম্বৰ্ধনা অনুষ্ঠানত ২৫৭ জন ছাত্ৰ-ছাত্ৰী আৰু শিক্ষানুষ্ঠান সমূহৰ প্ৰধান শিক্ষক সকলক গামোচা, কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

বৰহোলা