/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/84792055-387e-4d1c-9d25-069274ecc73e/7.jpg)
ডিজিটেল সংবাদ, বেকাজানঃ দেওবাৰে তিতাবৰ নামচুঙী গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহত উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ-ছাত্ৰীৰ এক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ তিতাবৰ খণ্ডৰ অন্তৰ্গত অনন্যা ,একতা, কুঁহিপাত, গামখাৰু, জ্ঞান মল্লিকা, নৱমিলন পাৰিজাত আৰু মোহিনী গ্ৰাম্য সংগঠনৰ উদ্যোগত এই অনুষ্ঠান অনুষ্ঠিত হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/07455f86-6da7-422c-8bea-1a6f888d1170/3f4f1c0d-ecd2-447e-8203-0d83597cca49.jpg)
অনুষ্ঠানটোত পুৱা বৃক্ষৰোপণ কৰে সমাজকৰ্মী ৰুবুল তামুলীয়ে। ইয়াৰ পাছত ৭টা গ্ৰাম্য সংগঠনৰ সদস্যাসকলে এটি নাগাৰা নামেৰে সভাখনি শুভাৰম্ভ কৰে। দুপৰীয়া তিতাবৰৰ জ্যেষ্ঠ সাংবাদিক প্ৰসেনজিত ৰাজখোৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভা উদ্বোধন কৰে জ্যেষ্ঠ অধিবক্তা আশাৰাণী বৰুৱাই। তেওঁ শিক্ষাৰ্থীসকলক মূল্যবোধৰ শিক্ষাৰে সমাজৰ প্ৰকৃত মানুহ হিচাপে গঢ়ি তুলিবলৈ আহবান জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/92566779-8631-4f25-b0ca-5e0b1921a534/f3253af3-1362-4f16-b352-32ceaaf364a8.jpg)
সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ঠেঙ্গাল কছাৰী স্বায়ত্ত পৰিষদৰ অধ্যক্ষ তথা তিতাবৰ গ্ৰীণফিল্ড একাডেমীৰ পৰিচালনা সঞ্চালক কুমুদ চন্দ্ৰ কছাৰী। তেওঁ মহিলাসকলৰ গ্ৰাম্য সংগঠনৰ মাতৃসকলে সমাজৰ ভৱিষ্যতৰ প্ৰজন্ম ছাত্র-ছাত্ৰীসকলক আগুৱাই নিবলৈ এনেদৰে অভিনন্দন অনুষ্ঠান পতাতো এক ইতিবাচক দিশ বুলি কয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/29857241-3ea9-485b-8e0e-54ed2eaab151/925633e3-855c-4614-b2ad-63fd4cd71156.jpg)
আনহাতে সভাত নিদিষ্ট বক্তা হিচাপে ভাষণ প্ৰদান কৰে বিশিষ্ট শিক্ষাবিদ, গৱেষক তথা ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয়ৰ যোৰহাটৰ পৰীক্ষা নিয়ন্ত্ৰক ড০ অনিল কুমাৰ শইকীয়াই। 'বৰ্তমান তথ্য প্ৰযুক্তিয়ে কৃত্ৰিম বুদ্ধিমত্তাৰ যুগত প্ৰৱেশ কৰিছে। লাহে লাহে আমাক হৃদয়হীন কৰি তুলিছে গতিকে প্ৰকৃত মানুহ হিচাপে গঢ়ি তুলিব লৈ আমি মূল্যবোধৰ শিক্ষাৰে শিক্ষিত হব লাগিব'- শিক্ষাৰ্থীসকলক উদ্দেশ্যি ড০ অনিল কুমাৰ শইকীয়াই ভাষণত প্ৰকাশ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/b880802a-0d9d-43e5-b733-9fb803150aa6/c180c17f-aedd-4c69-a989-66adcb85cb81.jpg)
সন্মানীয় অতিথি হিচাপে থাকি অৰ্থনীতিবিদ তথা অসম ৰাজ্যিক মহিলা আয়োগৰ সদস্যা বৰ্ণালী শইকীয়া বৰাই কয়- এই প্ৰতিযোগিতাৰ যুগত জ্ঞানৰ কোনো পৰিসীমা নাই। জীৱনত সফল হবলৈ আমি দক্ষতা অৰ্জন কৰিবই লাগিব। আমাৰ ছাত্র ছাত্ৰীসকলে মহাসাগৰ আৰু মহাকাশ লৈ যোৱাৰ সপোন দেখিব লাগিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/7209adc8-7921-477b-95bc-042fc1a5ca38/ec67959b-2043-4a40-ab84-1ac3a2cdec3c.jpg)
সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সাংবাদিক মণ্টুচ্ কোঁৱৰ, মুনমী লালিম , শিক্ষক অৰুণ কাঁৱাৰ, সহকাৰী গাণনিক বিষয়া নিবেদিতা বৰা, বেংক বিষয়া অৰিজিতা কলিতাকে ধৰি চুঙী গাঁও পঞ্চায়তৰ গ্ৰাম্য সংগঠনৰ শতাধিক সদস্যাসকল । এছ আৰ এল এমৰ জীৱিকা সখী জিনা ৰাজখোৱাই আঁতধৰা অনুষ্ঠানটিত চলিত বৰ্ষত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা তিতাবৰ বগাগাঁৱৰ নিবেদিতা বৰা আৰু চুঙী অঞ্চলৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা প্ৰায় ৬০গৰাকী কৃতী ছাত্ৰ -ছাত্ৰীক একোখন সম্বধৰ্না পত্ৰ , লেখন সামগ্ৰীৰ একোটা টোপোলাৰে সম্বধৰ্না জনোৱা হয়।