/asomiyapratidin/media/media_files/2025/08/14/1-2025-08-14-17-06-05.jpg)
ডিজিটেল সংবাদ, বেকাজান: নতুন দিল্লীত ১৫ আগষ্টত স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে সুযোগ লাভ কৰিছে তিতাবৰৰ সাগৰিকা গোস্বামীয়ে। ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ(এন এছ এছ) অধীনত ডিব্ৰুগড় বিশ্ববিদ্যালয় তথা অসমৰ পৰা জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান,যোৰহাট, তিতাবৰৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ গোটৰ স্বেচ্ছাসেৱিকা তথা ছাত্ৰী সাগৰিকা গোস্বামীক বিশেষ অতিথি হিচাপে আমন্ত্ৰম জনোৱা হৈছে।
১৩ আগষ্টত তেওঁ আন ৪ জন সদস্যৰ সৈতে একমাত্ৰ অসমৰ অতিথি হিচাপে কেন্দ্ৰীয় যুৱ কল্যাণ আৰু ক্ৰীড়া মন্ত্ৰী ড° মনচুখ মণ্ডভিয়া সৈতে বাৰ্তালাপত অংশ লয়, লগতে ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ সঞ্চালিকা মহোদয়া, যুৱ কল্যাণ মন্ত্রালয়ৰ সচিবৰ সৈতে সাক্ষাৎ কৰাৰ সুযোগ লাভ কৰে।
উল্লেখযোগ্য যে সাগৰিকা গোস্বামীৰ ঘৰ গোলাঘাটৰ লখিযুৰি গাঁৱ ত। তেওঁৰ মাতৃ স্মৃতিৰেখা গোস্বামীয়েও উক্ত অনুষ্ঠানত অংশগ্ৰহণৰ সুযোগ লাভ কৰিছে।