পশ্চিম যোৰহাটত ১৭ বছৰ অনুৰ্ধ্ব য়ুথ লীগ ফুটবল আৰম্ভ

পশ্চিম যোৰহাটত অনুষ্ঠিত ১৭ বছৰ অনুৰ্ধ্ব য়ুথ লীগ ফুটবলত যোৰহাট টাউন ক্লাবৰ জয়লাভ।

author-image
Asomiya Pratidin
New Update
পশ্চিম যোৰহাটত ১৭ বছৰ অনুৰ্ধ্ব য়ুথ লীগ ফুটবল আৰম্ভ

ডিজিটেল, সংবাদ, যোৰহাটঃ পশ্চিম যোৰহাটত অনুষ্ঠিত ১৭ বছৰ অনুৰ্ধ্ব য়ুথ লীগ ফুটবলত যোৰহাট টাউন ক্লাবৰ জয়লাভ। যোৰহাট জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত পশ্চিম যোৰহাট উপ-ক্ৰীড়া সন্থাৰ সহযোগত পশ্চিম যোৰহাট উপ-ক্ৰীড়া সন্থাৰ খেলপথাৰত দেওবাৰৰ পৰা আৰম্ভ হৈছে নৃপেন সভাপণ্ডিতৰ সোঁৱৰণী ১৭ বছৰ অনুৰ্ধ্ব য়ুথ ফুটবল লীগ প্ৰতিযোগিতাখনি।

Advertisment

আন্তঃৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ প্ৰয়াত নৃপেন সভাপণ্ডিতৰ সোঁৱৰণীত অনুষ্ঠিত প্ৰতিযোগিতাত আজি যোৰহাট টাউন ক্লাবে ৰঞ্জিত ক্লাবক ২-১ গলৰ ব্যৱধানত পৰাজিত কৰি আজি লীগৰ সম্পূৰ্ণ পইণ্ট অৰ্জন কৰিছে। আজিৰ খেলখন যোৰহাট টাউন ক্লাবৰ হৈ গ'ল দুটা দিয়ে প্ৰভাত পাটনায়ক আৰু ৰোহান ভূঞাই। ইফালে ৰঞ্জিত ক্লাবৰ হৈ একমাত্ৰ গ'লটো দিয়ে দলিন গগৈয়ে।

আজিৰ খেলখন পৰিচালনা কৰে ৰঞ্জিত দত্তই আৰু লাইনত সহায় কৰে অনিল শইকীয়া, বিতোপন গগৈ আৰু ত্ৰিনুজ কুমাৰ বৰাই। আজি পশ্চিম যোৰহাট উপ-ক্ৰীড়া সন্থাৰ সভাপতি ৰবীন শইকীয়া সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানৰ আঁতধৰে পশ্চিম যোৰহাট উপ-ক্ৰীড়া সন্থাৰ ফুটবল চেয়াৰমেন বীৰেন বড়াই। প্ৰয়াত আন্তঃৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ নৃপেন সভাপণ্ডিত প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে দাতা পৰিয়ালবৰ্গহৈ জীয়ৰী সুমনা কৌশিক বৰুৱাই, মাল্য অৰ্পণ কৰে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ ফুটবল বিভাগৰ সভাপতি ললিত চন্দ্ৰ বড়াই।

আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত আছিল ৰাজ্যিক ফুটবল খেলুৱৈ নবীন চন্দ্ৰ বড়া, প্ৰাক্তন আৰক্ষী বিষয়া মৃদুল দত্ত, বিশিষ্ট ব্যৱসায়ী অনিত আগৰৱালা, আদৰণি ভাষন প্ৰদান কৰে জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক জুল খাউণ্ডে। প্ৰাক্তন ৰাজ্যিক ফুটবল খেলুৱৈ প্ৰকাশ গোস্বামীয়ে উদ্ধোধন কৰাৰ লগতে দুয়ো দলৰ খেলুৱৈ সকলৰ লগত পৰিচয় কৰাই দিয়ে। ইফালে কাইলৈ অনুষ্ঠিত হ'ব দুখন খেল তাৰে প্ৰথমখন খেলত মুখামুখি হ'ব কাকজান উপ-ক্ৰীড়া সন্থাই ভিক্টোৰিয়াচ্ ক্লাবৰ বিৰুদ্ধে আৰু দ্বিতীয়খন খেলত মৰিয়নি উপ-ক্ৰীড়া সন্থাই বৰভেটা স্প'ৰ্টছ ক্লাবৰ বিৰুদ্ধে।

Also Read: বহু বিস্ফোৰণ ঘটাই অমিত শ্বাহক সাক্ষাৎ কৰিবলৈ দিল্লীলৈ ৰাওনা ৰাজেন গোহাঁই