কমাৰবন্ধা মহাবিদ্যালয় বন্ধৰ তীব্র বিৰোধিতা প্রাক্তন শিক্ষার্থী সন্মিলনৰ

উত্তাল প্রতিবাদেৰে ৰাজপথত আন্দোলনৰ হুংকাৰ
কমাৰবন্ধা মহাবিদ্যালয় বন্ধৰ তীব্র বিৰোধিতা প্রাক্তন শিক্ষার্থী সন্মিলনৰ
কমাৰবন্ধা মহাবিদ্যালয় বন্ধৰ তীব্র বিৰোধিতা প্রাক্তন শিক্ষার্থী সন্মিলনৰ

ডিজিটেল সংবাদ বেকাজানঃ অসম চৰকাৰে ৰাজ্যৰ প্রায় ৭৯ খন মহাবিদ্যালয় বন্ধ কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰাৰ তালিকাৰ ভিতৰত গোলাঘাট জিলাৰ কমাৰবন্ধাত ১৯৮৬ চনতে বহুকেইগৰাকী শিক্ষাব্রতী তথা দূৰদর্শী চিন্তাবিদৰ নেতৃত্বত বাইজৰ দ্বাৰা এক প্রাকৃতিক পৰিৱেশত গঢ়ি তোলা কমাৰবন্ধা মহাবিদ্যালয়ো বন্ধ কৰিবলৈ গ্রহণ কৰা সিদ্ধান্তৰ বিষয়ত 'কমাৰবন্ধা মহাবিদ্যালয় প্রাক্তন শিক্ষার্থী সম্মিলন'ৰ নেতবৃন্দই আশ্বর্য প্রকাশ কৰিছে। সন্মিলনে এনে সিদ্ধান্তৰ প্রতিবাদ কৰি তীব্র বিৰোধিতা কৰিছে।

অসম চৰকাৰে এনে সিদ্ধান্তৰ জৰিয়তে কেৱল কমাৰবন্ধা অঞ্চলৰে নহয় ইয়াৰ দাঁতিকাষৰীয়া বচা, শালিকীহাট, কুমাৰগাঁও, কানুগাঁও, ৰাঙলীবাৰী, বৰজান, দক্ষিণহেঙেৰা, আঠাবাৰী, এৰালতলী, ছোটজান, মহিমা, বকলাই, চকিটিং, মহিমাবাৰী আদিৰ উপৰিও যোৰহাট জিলাৰ তিতাবৰ মহকুমাৰ নামচুঙী, মোহনাটিং, চুঙী চাহ বাগিচা, বৰবামচুঙী, পুৰণি চুঙী, বঙাজান, চাংচোৰা, বুঢ়াগাঁও, মলিয়া গাঁও, তামোলবাৰী, চেঙেলিচেতিয়া, ঠেঙ্গালবাৰী, কমাৰবন্ধা চাহ বাগিচা, গটঙা চাহ বাগিচা, ধলাজান, চৰাইবাহী আদি অঞ্চলৰ ছাত্র-ছাত্রীৰ উচ্চ শিক্ষাৰ দুৱাৰ বন্ধ কৰিব বিচাৰিছে বুলি মন্তব্য কৰি এই হঠকাৰী সিদ্ধান্ত শীঘ্রেই বাতিল কৰিবলৈ 'কমাৰবন্ধা মহাবিদ্যালয় প্রাক্তন শিক্ষার্থী সম্মিলন'ৰ সাধাৰণ সম্পাদক, যুব চিন্তাবিদ, লেখক তথ্য জ্যেষ্ঠ সাংবাদিক প্রসেনজিৎ ৰাজখোৱাই দাবী জনাইছে।

অনগ্রসৰ অঞ্চলসমূহৰ ছাত্র-ছাত্রীসকলৰ শৈক্ষিক উত্তৰণৰ ক্ষেত্রত দেশে স্বাধীনতা লাভৰ পৰৱর্তী সময়ত দীর্ঘদিনীয়া অভাৱ দূৰীকৰণত বিশেষ ভূমিকা গ্রহণ কৰিবলৈ সক্ষম হোৱা কমাৰবন্ধা মহাবিদ্যালয়খনৰ সমস্যাৰাজী সমাধানৰ ক্ষেত্রত সততে সৰব হৈ থকা প্রাক্তন প্রগতিশীল ছাত্র নেতা, যুব চিন্তাবিদ, লেখক তথা জ্যেষ্ঠ সাংবাদিক প্রসেনজিৎ বাজখোৱাই ৰাজ্য চৰকাৰৰ প্রতি সবিনয়েৰে আহ্বান জনাই কয় যে, সকলো বিভাগত 'সম্মান বিষয়' (মেজৰ), 'পোষ্ট গ্রেজুৱেট ডিপ্লমা ইন কম্পিউটাৰ এপ্লিকেশ্যন'ৰ পাঠ্যক্রমৰ সু-ব্যবস্থা থকা মহাবিদ্যালয়খনত চাহ খেতি, সাঁচি গছৰ খেতি, কেঁচুসাৰ আদিৰে উপাৰ্জনৰ পথ প্রশস্ত কৰি তুলিবলৈ সক্ষম হৈছে।

তদুপৰি বনৌষধী উদ্যান আক পৰম্পৰাগত ঐতিহ্য, কৃষ্টি-সংস্কৃতি আদি সম্পদেৰে গঢ়ি তোলা বিজ্ঞানসম্মত অত্যাধুনিক সংগ্রহালয় আৰু পুথিভঁৰালৰ উপৰিও আৰ্ছেনিক আৰু আইৰণমুক্ত বিশুদ্ধ খোৱাপানী প্রযুক্তি 'আর্হিৰন নিলগন'ৰ ব্যৱস্থা, প্রাক্তন শিক্ষার্থীৰ দ্বাৰা দক্ষতা বিকাশ, মহাবিদ্যালয়খনৰ অধ্যাপকৰ চিন্তা আৰু ঐকান্তিক প্রচেষ্টাত অসম চৰকাৰৰ সাংস্কৃতিক মহাসংগ্ৰামৰ দৰে কাৰ্যসূচীত ছাত্র-ছাত্রীসকলে স্থান লাভ কৰি অঞ্চলটোত সাংস্কৃতিক পৰিবেশ গঢ়ি তোলা আদি উদ্গনিমূলক কার্যসূচী ৰূপায়নেৰে ছাত্র-ছাত্রীসকলক নতুন মাত্রা প্রদান কৰিবলৈ সক্ষম হৈছে।

আনহাতে বিগত বছৰত নতুন ৰাষ্ট্রীয় শিক্ষানীতিৰ (এনইপি)ৰ আধাৰত Four Years Under Graduate Programme (FYUGP) ব প্রথম ষান্মাসিকৰ প্রকাশিত ফলাফলত মহাবিদ্যালয়খনে ডিব্রুগড় বিশ্ববিদ্যালয়ৰ ভিতৰত ৮৪.৮৩ শতাংশ নম্বৰেৰে ষষ্ঠ স্থান লাভ কৰাৰ লগতে গোলাঘাট জিলাৰ মহাবিদ্যালয়সমূহৰ ভিতৰত প্রথম স্থান লাভ কৰিবলৈ সক্ষম হয়। Choice Based Credit System (CBCS) ৰ তৃতীয় ষান্মাসিকৰ ফলাফলত চতুর্থ স্থান লাভ কৰা মহাবিদ্যালয়খনত প্রাক্তন শিক্ষার্থী সম্মিলনে বহুকেইটা অভিলাষী কার্যসূচী গ্রহণ কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰিছে।

বিশেষকৈ কমাৰবন্ধা মহাবিদ্যালয়ৰ পৰিয়ালৰ সৈতে নিকটবর্তী উচ্চ-উচ্চতৰ মাধ্যমিক বিদ্যালয় সম্পর্ক উৎসৱ, আমাৰ গাঁৱত আমাৰ মহাবিদ্যালয়, বিদ্যালয় প্রধান-বাগিচা পৰিচালকৰে অন্তৰংগ আলাপ, মহাবিদ্যালয় পৰিয়ালৰে নাগৰিকৰ সম্মিলন আদি কাৰ্যসূচী ৰূপায়নৰ বাবে প্রাক্তন শিক্ষার্থী সম্মিলনে মনস্থ কৰা মহাবিদ্যালয়খনত ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্রত্যর্পণ পৰিষদ চমুকৈ 'নাক'ৰ 'চিজিপিএ ২.৬১' লাভ কৰি 'বি প্লাছ' গ্রেড স্বীকৃতিৰে মহাবিদ্যালয় পৰিয়ালৰ প্ৰতিজন সদস্যৰ সেৱাৰ মনোভাব, অক্লান্ত পৰিশ্রম, অধ্যয়নৰত আৰু প্রাক্তন শিক্ষার্থীসকলৰ সহযোগত অগণন সুচিন্তকৰ সম্মিলিত প্রচেষ্টাৰ ফচলে মহাবিদ্যালয়খনক উজ্জীবিত কৰাটো সকলোৰে বাবে গৌৰৱৰ বিষয়।

কমাৰবন্ধা মহাবিদ্যালয় বন্ধ হলে গোলাঘাট জিলাৰ সমগ্র কমাৰবন্ধা অঞ্চলৰ পৰা যোৰহাট জিলাৰ চুঙী অঞ্চলৰ ভিতৰুৱা গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ ছাত্র-ছাত্রী গভীৰ সংকটত পৰিব। মহাবিদ্যালয়খন গোলাঘাট-যোৰহাট জিলাৰ সীমান্তৱর্তী গ্রামাঞ্চল আৰু চাহ বাগিচা অধ্যুষিত অঞ্চলটোৰ গৌৰৱৰ প্রতীক।

কমাৰবন্ধা মহাবিদ্যালয় বন্ধ হ'লে মহাবিদ্যালয়খনৰ প্রাক্তন শিক্ষার্থীসকলৰ নেতৃত্বত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। সেয়েহে অসমৰ মুখ্যমন্ত্রী আৰু শিক্ষামন্ত্রীগৰাকীক অচিৰেই মহাবিদ্যালয়খন বন্ধ কৰাৰ সিদ্ধান্ত প্রত্যাহাৰ কৰিবলৈ দাবী জনোৱাৰ লগতে অন্যথা কমাববন্ধা মহাবিদ্যালয়ৰ অধ্যয়নৰতসমূহ ছাত্র-ছাত্রী তথা অঞ্চলটোৰ সামাজিক সংগঠন আৰু শিক্ষানুৰাগী ৰাইজৰ সহযোগত প্রাক্তন শিক্ষার্থী সম্মিলনৰ নেতৃত্বত নিৰবচ্ছিন্ন আন্দোলন গঢ়ি তোলা হ'ব বুলি কমাৰবন্ধা মহাবিদ্যালয় প্রাক্তন শিক্ষার্থী সম্মিলনৰ সাধাৰণ সম্পাদক প্রসেনজিৎ বাজখোৱাই স্পষ্ট কৰি দিছে।

কমাৰবন্ধা মহাবিদ্যালয় বন্ধৰ তীব্র বিৰোধিতা প্রাক্তন শিক্ষার্থী সন্মিলনৰ
''আমাৰ আলহী গ্ৰাম্য হোম-ষ্টে ২০২২-২৩" আঁচনিৰ অনুমোদন পত্ৰ বিতৰণ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in