/asomiyapratidin/media/media_files/2025/09/08/1-2025-09-08-20-11-24.jpg)
ডিজিটেল সংবাদ,ঘিলাধাৰী: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বৰহোলাতো তিতাবৰ সমজিলা ৰাইজৰ উদ্যোগত আৰু বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত বৰহোলা উঃমাঃ বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অসমবাসীৰ হিয়াৰ আমঠু সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰা হয়৷
সেই উপলক্ষে পুৱা সুধাকণ্ঠৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ,বন্তি প্ৰজ্বলনৰ পিছতে বিদ্যালয়খনৰ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট অতিথি সকলে মানুহে মানুহৰ বাবে,অসম আমাৰ ৰূপহী আদি কালজয়ী গীত পৰিৱেশন কৰি সুধাকণ্ঠক স্মৰণ কৰে৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us