প্রবীণ সামাজিক-সাংস্কৃতিক সেৱক বিশ্বকান্ত ফুকনৰ বিয়োগ

 কর্মজীৱনৰ সমান্তৰালকৈ অঞ্চলৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ সৈতে জড়িত হৈ থকা প্রয়াত বিশ্বকান্ত ফুকনে যোৰহাট আইন মহাবিদ্যালয়ৰ পৰা আইনৰ ডিগ্রী গ্ৰহণ কৰিছিল আৰু আইন মহাবিদ্যালয়ৰ আলোচনী সম্পাদক হিচাপেও দায়িত্ব পালন কৰিছিল।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,যোৰহাটঃ  যোৰহাটৰ গড়মূৰৰ শ্ৰীমন্তপুৰ নিবাসী প্রবীণ সমাজিক-সাংস্কৃতিক সেৱক, যোৰহাট লোকনিৰ্মাণ বিভাগৰ অৱসৰপ্ৰাপ্ত মুখ্য সহায়ক বিশ্বকান্ত ফুকনৰ বাৰ্ধক্যজনিত কাৰণত যোৱা নিশা নিজা বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৮৪ বছৰ।

প্ৰয়াত বিশ্বকান্ত ফুকনে অংকীয়া ভাওনাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে বিশেৰ বৰঙণি আগবঢ়াই গৈছে। গড়মূৰত নিজা প্ৰচেষ্টাৰে শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ আয়োজন কৰি তেখেতে কংসৰ চৰিত্ৰত অভিনয়ৰে ভূয়সী প্রশংসা লাভ কৰিবলৈ সক্ষম হৈছিল। লগতে তেখেতে বহুবাৰ অংকীয়া ভাওনাত ভীমৰ চৰিত্ৰত অভিনয় কৰি ৰাইজৰ মনত সাঁচ বহুৱাবলৈ সক্ষম হৈছিল।

 কর্মজীৱনৰ সমান্তৰালকৈ অঞ্চলৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ সৈতে জড়িত হৈ থকা প্রয়াত বিশ্বকান্ত ফুকনে যোৰহাট আইন মহাবিদ্যালয়ৰ পৰা আইনৰ ডিগ্রী গ্ৰহণ কৰিছিল আৰু আইন মহাবিদ্যালয়ৰ আলোচনী সম্পাদক হিচাপেও দায়িত্ব পালন কৰিছিল।

তেখেতে মাজুলীৰ লোহিত উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকতাৰে কর্মজীৱন আৰম্ভ কৰিছিল আৰু পৰৱৰ্তী সময়ত যোৰহাট লোকনির্মাণ বিভাগত যোগদান কৰি বিভাগৰ মুখ্য সহায়ক হিচাপে অৱসৰ গ্ৰহণ কৰে। ধৰ্মপ্ৰাণ ব্যক্তিগৰাকীৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰে।

 যোৱা নিশা যোৰহাট তৰাজান স্মশানত তেখেতৰ শেষকৃত্য সম্পন্ন কৰা হয়। মৃত্যুৰ সময়ত তেখেতে পত্নী, এজন পুত্ৰ, বোৱাৰী, তিনিগৰাকী কন্যা, জোঁৱাই, নাতি-নাতিনী আৰু অসংখ্য গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায়।

যোৰহাট