ডিজিটেল সংবাদ,যোৰহাট : "কৃষি আমাৰ অৰ্থনীতিৰ ৰাজহাড় । কৃষি উৎপাদন বৃদ্ধি কৰি বৃহৎ মাত্ৰাত খাদ্য শস্য উৎপাদনৰ বাবে সেউজ বিপ্লৱৰ প্ৰয়োজন হৈছিল । বৰ্তমান সময়তো জৈৱিক কৃষি আৰু প্ৰাকৃতিক কৃষিৰ জৰিয়তে ভৱিষ্যতৰ প্ৰত্যাহ্বানৰ মোকাবিলা কৰি খাদ্য সুৰক্ষাৰ বাবে চেষ্টা কৰা হৈছে" - অসম কৃষি বিশ্ববিদ্যালয়ত বুধবাৰে অনুষ্ঠিত সাৰ অভিমুখী পাঠ্যক্ৰমৰ শুভাৰম্ভণি অনুষ্ঠানত মুখ্য অতিথিৰ বক্তব্যত অসম কৃষি বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ শিক্ষা সঞ্চালক ড০ অনুপ কুমাৰ দাসে এই মত ব্যক্ত কৰে।
ফাৰ্টিলাইজাৰ এছছিয়েশ্যন অৱ ইণ্ডিয়া,পূব ভাৰত অঞ্চল আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ যৌথ উদ্যোগত আয়োজিত এই অনুষ্ঠানত ড০ দাসে লগতে কয় যে খেতিপথাৰত সাৰ প্ৰয়োগৰ অসমতা নাইকীয়া কৰি যথোচিত চিন্তা চৰ্চাৰে কৃষিৰ উন্নতিৰ বাবে গুৰুত্ব প্ৰদান কৰিব লাগিব। তাৰবাবে বিজ্ঞানী, গৱেষক কৃষক,কৃষি সম্প্ৰসাৰণ কৰ্মী সকলোৱে মিলি আগবাঢ়িব লাগিব।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ফাৰ্টিলাইজাৰ এছছিয়েশ্যন অৱ ইণ্ডিয়াৰ ক্ষেত্ৰীয় কাৰ্যবাহী সুবোধ কুমাৰ সিঙে উক্ত সভাৰ আদৰণি ভাষণ প্ৰদান কৰে। অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে, ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেশ্যনৰ চেয়াৰমেন আৰু মেনেজিং ডাইৰেক্টৰ প্ৰদীপ কুমাৰ বণিকে অংশগ্ৰহণ কৰে।
অনুষ্ঠানত ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেশ্যন লিমিটেডৰ জেনেৰেল মেনেজাৰ সত্যজিত মিশ্ৰও উপস্থিত থাকে। উল্লেখ্য যে শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা এই কৰ্মশালাত ফাৰ্টিলাইজাৰ এছছিয়েশ্যন অৱ ইণ্ডিয়াৰ বিষয়ববীয়াসকলৰ লগতে কেইবাটাও সাৰ কোম্পানী আৰু প্ৰতিষ্ঠানৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।