যোৰহাটত কবি ইলামণি শইকীয়াৰ প্ৰথম গল্প সংকলন 'বিঢৌত বেলিৰ ৰং’ উন্মোচন...

যোৰহাটৰ উৰুলি বিবাহভৱনত দিগ্‌দৰ্শন প্ৰকাশন’ ৰ ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি 'এনাজৰী সাহিত্য-সংস্কৃতি গোষ্ঠী’ ৰ উদ্যোগত  গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত এক গ্ৰন্থ উন্মোচনী আৰু  বঁটা প্ৰদান  অনুষ্ঠান

author-image
Asomiya Pratidin
New Update
hhhd

ডিজিটেল সংবাদ, বেকাজানঃ যোৰহাটৰ উৰুলি বিবাহভৱনত দিগ্‌দৰ্শন প্ৰকাশন’ ৰ ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি 'এনাজৰী সাহিত্য-সংস্কৃতি গোষ্ঠী’ ৰ উদ্যোগত  গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত এক গ্ৰন্থ উন্মোচনী আৰু  বঁটা প্ৰদান  অনুষ্ঠান অনুষ্ঠিত হয়৷ অনুষ্ঠানটিত কবি ইলামণি শইকীয়াৰ প্ৰথমখন গল্পগ্ৰন্থ ’বিঢৌত বেলিৰ ৰং’ উন্মোচন কৰা হয় ৷

Advertisment

গ্ৰন্থখন উন্মোচন কৰে যোৰহাটৰ জ্যেষ্ঠ লেখক-সাংবাদিক ৰমেন শইকীয়াদেৱে৷ পূৰ্বে দুখনকৈ কাব্যগ্ৰন্থ প্ৰকাশ হোৱা ইলামণি শইকীয়াৰ গল্পপুথিখন সম্পৰ্কে নিজৰ মতামত দাঙি ধৰি উন্মোচক গৰাকীয়ে কয় যে 'কবিতাৰ দৰে ইলামণি শইকীয়াৰ গদ্যৰো এখন হাত আছে৷ আৰু সেই হাতখন পৈণত হাত বুলিব পাৰি।

লগতে তেওঁ কবি-গল্পকাৰ শ্ৰীমতী শইকীয়াৰ পৰা  অনাগত দিনত আৰু সমৃদ্ধিশালী লেখা আশা কৰে বুলি মন্তব্য দাঙি ধৰে৷ একেটা অনুষ্ঠানতে কবিগৰাকীক 'দিগ্‌দৰ্শন সাহিত্য সন্মান-২০২৫'  প্ৰদান কৰা হয়৷দক্ষিণ বেলতলা মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষয়িত্ৰী ইলামণি শইকীয়া ইতিমধ্যে অসমীয়া কাব্যজগতৰ এটি চিনাকি নাম৷ ’গৰীয়সী’কে ধৰি অসমৰ প্ৰায়বিলাক কাকত-আলোচনীত ইলামণি শইকীয়াৰ কবিতা প্ৰকাশ হৈ আহিছে৷

বেকাজান