যোৰহাটৰ ৰাজপথত ৩ যুৱকৰ দাদাগিৰি, মৰিয়াই-মৰিয়াই হত্যা অট’ চালকক

যোৰহাটৰ ৰাজপথত ৩ যুৱকৰ দাদাগিৰি, মৰিয়াই-মৰিয়াই হত্যা অট’ চালকক

ডিজিটেল সংবাদ, যোৰহাটঃ  যোৰহাটৰ টীয়কত লোমহৰ্ষক হত্যাকাণ্ড। সুৰামত্ত যুৱকে মেলেঙ চাৰিআলিৰ সমীপত নিশা মৰিয়াই মৰিয়াই হত্যা কৰিলে দেব বুঢ়াগোহাই নামৰ এজন অট' চালকক। তিনি যুবকৰ দলবদ্ধ আক্ৰমনত নিহত যুবকজনৰ নাম দেব বুঢ়াগোহাঁই। তেওঁৰ ঘৰ মেলেং গায়ন গাঁৱত। এই ঘটনাৰ পাছত টীয়কৰ লাহদৈগড় আৰক্ষী চকীত নিশা উত্তেজনাৰ সৃষ্টি হয়। হত্যাকাণ্ডৰে জড়িত-মনোৰঞ্জন হাতীবৰুৱা, প্ৰবন হাতীবৰুৱা আৰু সুভাষ দে ই লাহদৈগড় আৰক্ষী চকীত আত্মসমৰ্পন কৰে। হত্যাকাণ্ডত ঘটনাৰে জড়িত তিনি যুবকে আৰক্ষী চকীত আত্মসমৰ্পন কৰাৰ পিছত অভিযুক্ত তিনি যুবকক আৰক্ষী চকীৰ বাহিৰলৈ উলিয়াই দিয়াৰ দাবীত শতাধিক  স্থানীয় লোকে  লাহদৈগড় আৰক্ষী চকী ঘেৰাও কৰে। আত্মসমৰ্পন কৰা যুৱককেইজনে ৰাজহুৱাকৈ স্বীকাৰোক্তি দিয়াৰ দাবী জনাই উত্তেজিত ৰাইজে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কৰে। নিশাই যোৰহাট আৰক্ষীৰ শীৰ্ষ বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in