/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/jonmoni.jpg)
ডিজিটেল ডেস্ক: যি কোনো মুহুৰ্তত গ্ৰেপ্তাৰ হব পাৰে এছ আই জোনমণি ৰাভা। প্ৰৱঞ্চনাৰ সৈতে নাম সাঙুৰ খাই পৰা জোনমণিৰ বেংক একাউন্টত সোমাইছিল লাখ লাখ টকা। বেংল একাউন্ট যোগে লাখ লাখ টকাৰ লেনদেন কৰিছিল জোনমণিৰ লগতে তেওঁৰ ভাৱি স্বামী ৰাণা পাগাগে।
শনিবাৰে পুনৰ জেৰা চলোৱা হব জোনমণি ৰাভাক। শুকুৰবাৰে প্ৰায় ১২ ঘন্টা ধৰি জেৰা চলোৱা হয় জোনমণিক। নিশা গড়মূৰ অসামৰিক চিকিৎসালয় স্বাস্থ্য পৰীক্ষা কৰা হয়।পৰীক্ষাৰ অন্তত যাবলৈ দিয়া হয় জোনমণি ৰাভাক।
জেৰাত পোহৰলৈ আহিছে ভাবী স্বামীৰে ধনৰ লেনদেনৰ তথ্য।আৰক্ষীয়ে লাভ কৰিছে ৰাণা প'গাগৰে ধনৰ লেনদেনৰ তথ্য।
জোনমণি ৰাভাৰ একাউণ্টত সোমাইছিল লাখে লাখে টকা। দুটাকৈ বেংক একাউণ্টত সোমাইছিল প্ৰায় ২০ লক্ষাধিক টকা। আজি পুনৰ জেৰা চলোৱাৰ অন্তত হয়তো গ্ৰেপ্তাৰ হ'ব পাৰে জোনমণি ৰাভা।