কোন ক'লা পোছাক পৰিহিত যুৱকে ৰখাই থোৱা গাড়ীত থৈ গৈছিল জোনমণিৰ মৃতদেহ?

উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত এজন গাড়ী চালকৰ বিস্ফোৰক মন্তব্য। তেওঁ কয় যে, দুৰ্ঘটনাৰ সময়ত জোনমণি ৰাভাৰ গাড়ীখন সেই স্থানত ৰখাই থোৱাহে আছিল।

author-image
Asomiya Pratidin
New Update
কোন ক'লা পোছাক পৰিহিত যুৱকে ৰখাই থোৱা গাড়ীত থৈ গৈছিল জোনমণিৰ মৃতদেহ?

ডিজিটেল ডেস্কঃ উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত এজন গাড়ী চালকৰ বিস্ফোৰক মন্তব্য। তেওঁ কয় যে, দুৰ্ঘটনাৰ সময়ত জোনমণি ৰাভাৰ গাড়ীখন সেই স্থানত ৰখাই থোৱাহে আছিল।

Advertisment

ৰখাই থোৱা গাড়ীখনতহে কণ্টেইনাৰখনে খুন্দা মাৰিছিল। লগতে কয় যে, দুৰ্ঘটনাৰ পূৰ্বে ৰাভাৰ গাড়ীৰ পৰা নামি গৈছিল এজন লোক। সেই লোকজনে পৰিধান কৰিছিল ক’লা পোছাক ।

দুৰ্ঘটনাৰ পিছতেই আঁতৰি গৈছিল কণ্টেইনাৰখনৰ চালক। লগতে আঁতৰি গৈছিল ক’লা পোছাক পৰিহিত লোকজনো।

উল্লেখ্য যে, গুৱাহাটীৰ পৰা গৈ থকা বোকাখাতৰ এজন গাড়ীৰ চালকে এই ভাষ্য প্ৰদান কৰে। তেওঁ গুৱাহাটীৰ পৰা গৈ থকা অৱস্থাত জখলাবন্ধাত অলপ সময়ৰ বাবে ৰৈছিল আৰু তেতিয়াই তেওঁ সকলো প্ৰত্যক্ষ কৰিছিল।

তেওঁ কয় যে, খুন্দা মৰাৰ আগত জোনমণিৰ গাড়ীখন উক্ত স্থানতে আছিল। যেতিয়া গাড়ীখনৰ ওচৰত গৈছিল তেতিয়া মহিলাৰ মৃতদেহ গাড়ীখনৰ ভিতৰত দেখিছিল।

উল্লেখ্য যে, উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুয়ে বহু ৰহস্যৰ কথা কৈ গৈছে। এয়া এক দুৰ্ঘটনা নহয় বুলি একাংশই দাবী কৰিছে। যাৰ বাবে মৃত্যুৰ ঘটনাৰ তদন্ত চিআইডিক দিছে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে।

Also Read: দুই লম্পটৰ কামনাৰ বলি নাবালিকাঃ স্থানীয় ৰাইজৰ দৃষ্টান্তমূলক শাস্তিৰ দাবী

junmoni Assam police