জোনাইতো আৰম্ভ ভোটগণনা, চাওক VIDEO

জোনাইতো আৰম্ভ ভোটগণনা, চাওক VIDEO

author-image
asomiyapratidin
New Update
তিতাবৰৰ পঞ্চায়ত নিৰ্বাচনৰ শেহতীয়া খবৰ

ডিজিটেল সংবাদ, জোনাইঃ বুধবাৰে পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা। জোনাই মহকুমাধিপতিৰ কাৰ্যালয়ত স্থাপন কৰা ৩টা হলত আৰম্ভ হৈছে ভোটগণনা। জোনাইত বুধবাৰে প্ৰথমতে এক নং হলত চিলে পঞ্চায়ত, দুই নং হলত গালী- চিকাৰী পঞ্চায়ত আৰু ৩ নং হলত লাইমেকুৰী পঞ্চায়তৰ ভোটগণনা আৰম্ভ হৈছে।

Advertisment

পূব জোনাই আৰু চিমেন চাপৰি জিলা পৰিষদৰ দুখনৰ লগতে ১৫খন গাঁও পঞ্চায়ত থকা জোনাই মহকুমাত ১,১৯,০২০ গৰাকী ভোটাৰৰ ৭৬ শতাংশই পঞ্চায়ত নিৰ্বাচনত ভোটদান কৰে।

পূব জোনাই জিলা পৰিষদ সমষ্টিত তিনিগৰাকী আৰু চিমেন চাপৰি জিলা পৰিষদ সমষ্টিত তিনিগৰাকীৰ লগতে ১৫খন গাঁও পঞ্চায়তৰ সভাপতি পদত ৪৩ গৰাকী, কাউন্সিলৰ পদত ৪০ গৰাকী আৰু ৱাৰ্ড সদস্য পদত ৪০১ গৰাকীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে