নিজ ঘৰৰ প্ৰথম মহলাৰ পৰা পৰি বিহালী স্নাতক মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ জীৱন চন্দ্ৰ নাথৰ অকাল মৃত্যু

নিজ ঘৰৰ প্ৰথম মহলাৰ পৰা পৰি বিহালী স্নাতক মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ জীৱন চন্দ্ৰ নাথৰ অকাল মৃত্যু

author-image
Asomiya Pratidin
New Update
নিজ ঘৰৰ প্ৰথম মহলাৰ পৰা পৰি বিহালী স্নাতক মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ জীৱন চন্দ্ৰ নাথৰ অকাল মৃত্যু

ডিজিটেল সংবাদ, বিহালীঃ বিশ্বকৰ্মা পূজাৰ দিনাই বিহালীত সংঘটিত হয় এক কৰুণ ঘটনা । বিহালী স্নাতক মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ জীৱন চন্দ্ৰ নাথৰ নিজা বাসগৃহৰ প্ৰথম মহলাৰ পৰা পৰি অকাল মৃত্যু ঘটে ।

Advertisment

পুৱা প্ৰাতঃভ্ৰমণ কৰি থকা সময়ত শেষবাৰৰ বাবে কথা হৈছিল চুবুৰীয়াৰ সৈতে । চুবুৰীয়াৰ মতে, প্ৰাতঃভ্ৰমণৰ পিছতে নিজা বাসগৃহলৈ আহি দাঁত ঘহা ব্ৰাছ লৈ প্ৰথম মহলাত কোনো কাম কৰি থকা সময়তে তললৈ পৰি মৃত্যুমুখত পৰে অধ্যক্ষগৰাকী ।

মৃতদেহৰ কাষত দাঁত ঘহা ব্ৰাছ, জোতা আৰু ভাঙি যোৱা নিমগছৰ ডাল প্ৰত্যক্ষ কৰে আৰক্ষী তথা দণ্ডাধীশে । ঘৰত কোনো নথকাৰ বাবে বহু পলমকৈ কাম কৰা কোনো লোকে নাথৰ মৃতদেহ প্ৰত্যক্ষ কৰি চুবুৰীয়াক খবৰ কৰে যদিও ইতিমধ্যে মৃত্যু হয় অধ্যক্ষগৰাকীৰ ।

ঘটনাস্থলীত, বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱা, উপ আৰক্ষী অধীক্ষক নৱজিৎ দাস বাঘ্ৰীকে ধৰি জিলা প্ৰশাসনৰ লোক সকল উপস্থিত আছিল । পিছত মৃতদেহ মৰণোত্তৰ পৰীক্ষা সম্পন্নৰ অন্তত বিহালী স্নাতক মহাবিদ্যালয়ত শেষ শ্ৰদ্ধা জনোৱা হ'ব । অধ্যক্ষ গৰাকীৰ অকাল মৃত্যুত বিভিন্ন দল, সংগঠন, ৰাইজ তথা ছাত্ৰ ছাত্ৰী সকলে গভীৰ শোক প্ৰকাশ কৰিছে ।

Also Read: বিপদ! ২১ ছেপ্টেম্বৰত আদালতত হাজিৰ হ'ব লাগিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা