ডিজিটেল ডেস্ক : JEE কেলেংকাৰীৰ অন্যতম খলনায়ক ভাৰ্গৱ ডেকাক ৰবিবাৰে বৰঝাৰৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।সোমবাৰে ডেকাক কামৰূপ মহানগৰ জিলা দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয় । আদালতে ভাৰ্গৱ ডেকাক ৭ দিনৰ আৰক্ষীৰ জিন্মালৈ প্ৰেৰণ কৰে । ইপিনে ১৪ দিনৰ জিন্মাত বিচাৰিছিল আৰক্ষীয়ে । ডেকাৰ জামিনৰ বাবে আদালতত আবেদন কৰিছিল যদিও জামিন আবেদন নাকচ কৰে আদালতে । ভাৰ্গৱ ডেকাক কোৰোনা পৰীক্ষাও কৰোৱা হয় । পৰীক্ষাৰ ফলাফল নিগেটিভ আহে ।
ইফালে SG-285 নম্বৰ স্পাইজেট বিমান যোগে বেংকক দিল্লী হৈ গুৱাহাটীলৈ সংগোপনে অহাৰ খবৰ আৰক্ষীয়ে পাই গুৱাহাটী বিমান বন্দৰত উপস্থিত হোৱাৰ সময়তে আৰক্ষীৰ এটা দলে বিমান বন্দৰতে গ্ৰেপ্তাৰ কৰে ভাৰ্গৱ ডেকাক । JEE কেলেংকাৰীৰ কথা পোহৰলৈ অহাৰ পৰাই গ্লৱেল এডু লাইটৰ স্বতাধিকাৰী ভাৰ্গৱ ডেকা পলাতক আছিল ।