
ডিজিটেল সংবাদ, ছয়দুৱাৰ:-ঋণ দিয়াৰ নামত ঠগ-প্ৰবঞ্চনাৰে সহজ-সৰল লোকৰ পৰা লাখ লাখ টকা আত্মসাৎ কৰি চোৰৰ দৰে পলাই ফুৰিছিল যতীন্দ্ৰ শইকীয়াই। গহপুৰ আৰক্ষী থানাৰ অধীনস্থ হাৱাজান আৰক্ষী চকীৰ এলেকাধীন শলামৰাৰ বীৰেন শইকীয়াৰ পুত্ৰ যতীন্দ্ৰ শইকীয়া(২৭)ৰ হাতত অৱশেষত লাগিল গহপুৰ পুলিচৰ হেণ্ডকাফ।
উল্লেখযোগ্য যে,অসৎ পন্থাৰে ধন আহৰণ কৰাত অতি সিদ্ধহস্ত যতীন্দ্ৰ শইকীয়াই যোৱা কেইমাহমান ভাৰতীয় ষ্টেট বেঙ্কৰ বালিজান শাখাত লোন ৰিকভাৰি কৰ্মচাৰী হিচাপে অস্থায়ী ভিত্তিত কাম কৰিছিল।অভিযোগ অনুসৰি সেই সূত্ৰে তেওঁ গ্ৰাহক ৰাইজৰ কাষ চপাৰ সুযোগ লাভ কৰি সহজতে ধন ঘটাৰ বাবে কূট কৌশল অৱলম্বন কৰিছিল।
এলেকাটোৰ বিভিন্ন জন গ্ৰাহকৰ ওচৰলৈ লোন ৰিকভাৰি কামত যোৱাৰ সময়ত তেওঁ গ্ৰাহক সকলক ভাৰতীয় ষ্টেত বেঙ্কৰ বালিজান শাখাৰ "ফিল্ড অফিচাৰ" বুলি ভুৱাকৈ চিনাকি দি অতি সহজ পদ্ধতিত লোন দিয়াৰ বিষয়ে অৱগত কৰিছিল।৪৫ শতাংশ ৰাজ সাহাৰ্য্যযুক্ত লোন দিয়াৰ সুবিধা কৰি দিয়াৰ বিনিময়ত ৫ শতাংশকৈ অফিচিয়েল খৰছ তেওঁক আদায় দিব লাগিব বুলি গ্ৰাহক সকলক অৱগত কৰি যতীন্দ্ৰ শইকীয়াই পেলাইছিল লুণ্ঠনৰ জাল।
যতীন্দ্ৰৰ এই চলাহি কথাত ভোল গৈ সহজ পদ্ধতিত ব্যৱসায়িক লোন পোৱাৰ আশাৰে বহু গ্ৰাহকে তেওঁক ৫ শতাংশকৈ অফিচিয়েল খৰছৰ বাবদ ধন আদায় দি এতিয়া মূৰে কপালে হাত দিছে ।যতীন্দ্ৰ শইকীয়াৰ ঠগ প্ৰবঞ্চনাৰ বলি হৈ ৭৫ হাজাৰকৈ কষ্টৰ ধন হেৰুৱাব লগীয়া হ'ল গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কলাবাৰী কলিতাগাঁৱৰ ৰঞ্জন ভূঞা(৫২) নামৰ এগৰাকী খাটিখোৱা মীন পালকে।
মীন পালনৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে ১৫ লাখ টকাৰ ঋণ দিয়াৰ প্রলোভনেৰে ৰঞ্জন ভূঞাৰ পৰা মুঠ ৭৫ হাজাৰ টকা আত্মসাৎ কৰা যতীন্দ্ৰ শইকীয়াই নিজকে ভাৰতীয় ষ্টেট বেংকৰ বালিজান (গহপুৰ)শাখাৰ ফিল্ড অফিচাৰ বুলি চিনাকি দিছিল। উক্ত বেংক শাখাৰ জৰিয়তে ৰঞ্জন ভূঞাক ১৫ লাখ টকাৰ ঋণ দিয়াৰ প্ৰতিশ্ৰুতিৰে ২০২২ চনৰ ২২ জুনত নগদ ৪০ হাজাৰ টকা, ২৮ জুনত নগদ ৫ হাজাৰ টকা আৰু ৭ চেপ্তেম্বৰত নগদ ৩০ হাজাৰ টকা ৰঞ্জন ভূঞাৰ কলিতা গাঁৱৰ নিজা ঘৰত নগদ আদায় কৰিছিল।
টকাখিনি দিয়াৰ পিছত তিনিমাহৰ ভিতৰত উক্ত ১৫ লাখ টকাৰ ঋণ মঞ্জুৰ হ'ব বুলি ৰঞ্জন ভূঞাক যতীন্দ্ৰই প্রতিশ্রুতি দিছিল যদিও ঋণ লাভ কৰিবলৈ সক্ষম নহ'ল ৰঞ্জন ভূঞা।পৰবৰ্তী সময়ত যতীন্দ্ৰ শইকীয়াই ৰঞ্জন ভূঞাৰ পৰা সংগ্ৰহ কৰা ৭৫ হাজাৰ টকা আত্মসাৎ কৰি পলাই ফুৰিবলৈ লয়।উক্ত লোন দিয়াৰ সংক্ৰান্তত আৰু ৰঞ্জন ভূঞাৰ পৰা ধন লোৱাৰ সম্পৰ্কত তেওঁলোক দুয়োৰে মাজত হোৱা কথোপকথনৰ কেইবাটাও কল ৰেকৰ্ডিং আৰু হোৱাটছ এপৰ কথা-বতৰা প্রমাণ হিচাপে মজুত আছে ৰঞ্জন ভূঞাৰ লগত।
ঠগ প্ৰবঞ্চনাৰে ধন আত্মসাৎ কৰি পলাই ফুৰা সন্দৰ্ভত যোৱা ১৫ এপ্ৰিলত গহপুৰ আৰক্ষী থানাত ৰঞ্জন ভূঞাই দাখিল কৰা এজাহাৰৰ ভিত্তিত প্ৰবঞ্চক যতীন্দ্ৰ শইকীয়াৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধীৰ ৪১৯/৪২০ ধাৰাৰ অধীনত ৮১/২০২৩ নম্বৰত এটা গোচৰ পঞ্জীয়ন হয়।ইয়াৰ পিছতে গ্ৰেপ্তাৰৰ ভয়ত চোং সলাই সলাই পলাই ফুৰিছিল যতীন্দ্ৰ শইকীয়া।
কিন্তু সোমবাৰে নিশা দশা বেয়া আছিল ঠগ-প্ৰবঞ্চক যতীন্দ্ৰ শইকীয়াৰ।এশ গৰু মাৰিলে বাঘৰো মৰণ হোৱা বুলি মানুহৰ মুখে মুখে প্ৰচাৰিত আপ্তবাক্যশাৰী যোৱা নিশা পুৰামাত্ৰাই প্ৰযোজ্য হ'ল যতীন্দ্ৰ শইকীয়াৰ ক্ষেত্ৰত। জানিব পৰামতে-গ্ৰেপ্তাৰৰ ভয়ত পলাই ফুৰা যতীন্দ্ৰ শইকীয়াক আলিগুৰী পিছলাৰ এঘৰ লোকৰ আত্মগোপন কৰি থকা অৱস্থাৰ পৰা যোৱা নিশা প্ৰায় ১ বজাত গ্ৰেপ্তাৰ কৰে গহপুৰ আৰক্ষী থানাৰ উপ পৰিদৰ্শক কমৰোদ্দিন আলীৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা অভিযান কাৰী দলে।
জামিনবিহীন ধাৰাত গ্ৰেপ্তাৰ কৰা যতীন্দ্ৰ শইকীয়াক সোমবাৰে বিয়লি হাজিৰা কৰোৱা হয় গহপুৰ মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত। জানিব পৰামতে-যতীন্দ্ৰ শইকীয়াই কেবল মাত্ৰ ৰঞ্জন ভূঞাৰ পৰাই লোন দিয়াৰ নামত ধন আত্মসাৎ কৰা নাই।বৃহত্তৰ হাৱাজান, কলাবাৰী,আলুপাৰা আদি অঞ্চলৰ অৰ্ধশতাধিক খাটিখোৱা লোকৰ পৰা এনেদৰে সংগ্ৰহ কৰা ধনৰ পৰিমাণ প্ৰায় ১৫/২০ লাখতকৈ অধিক হ'ব বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছে বহু কেইজন লোকে।
মীন পালক,খাটিখোৱা কৃষক, ক্ষুদ্ৰ ব্যৱসায়ী আদিৰ পৰা লোন দিয়াৰ নামত লাখ লাখ টকা আত্মসাৎ কৰি বিলাসী জীৱন কটোৱা যতীন্দ্ৰ শইকীয়াক গহপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাত সন্তোষ প্ৰকাশ কৰিছে ভুক্তভোগী প্ৰতিগৰাকী লোকে।ৰঞ্জন ভূঞাই দাখিল কৰা গোচৰটোৰ সৈতে আৰু দুগৰাকী প্ৰবঞ্চিত লোকে সাক্ষ্য দান কৰি তেওঁলোককো যতীন্দ্ৰই লোন দিয়াৰ নামত আগতীয়া কমিছন লৈ প্ৰতাৰিত কৰা বুলি সংবাদ মাধ্যমক জানিবলৈ দিছে তদন্তকাৰী আৰক্ষী বিষয়া কমৰোদ্দিন আলীয়ে।
ইপিনে যতীন্দ্ৰ গ্ৰেপ্তাৰ হোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে গহপুৰ আৰক্ষী থানাত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে হাৱাজানৰ অৰূপ বৰদলৈ আৰু সুতাৰগাঁৱৰ ভৱেন বৰুৱাই।এইক্ষেত্ৰত অৰূপ বৰদলৈয়ে কয় যে তেওঁৰ পৰা মুঠ ৪১ হাজাৰ টকা আত্মসাৎ কৰি পলাই ফুৰিছিল যতীন্দ্ৰই।
তেওঁৰ পিতৃ বীৰেণ শইকীয়া প্ৰাক্তন আলফা হোৱাৰ বাবে প্ৰাপ্য ধন বিচাৰি গ'লেই বীৰেণ শইকীয়াই প্ৰাক্তন আলফাৰ ভয় ভাবুকি দেখুৱাই ঘৰৰ পৰা খেদি পঠিয়াই আহিছিল অৰূপ বৰদলৈক।"মই আগতে আলফাত থকা মানুহ, আইন কানুন নাজানো, চফা কৰি দিম" বুলি যতীন্দ্ৰই লোৱা ধন উভতাই বিচাৰি গ'লেই অৰূপ বৰদলৈক ভয় দেখুৱাই আহিছিল পিতৃ বীৰেণ শইকীয়াই।একেদৰে সুতাৰগাঁৱৰ ভবেন বৰুৱাৰ পৰাও ত্ৰিশ হাজাৰ টকা আত্মসাৎ কৰি পলাই ফুৰিছিল যতীন্দ্ৰ শইকীয়া।