যতীন গোস্বামী আৰু নাই…

যতীন গোস্বামী আৰু নাই…

author-image
asomiyapratidin
New Update
যতীন গোস্বামী আৰু নাই…

ডিজিটেল ডেস্কঃ বিশিষ্ট লিপিবিদ, লেখক যতীন গোস্বামীৰ দেহাৱসান। অখীল ভাৰতীয় সাহিত্য পৰিষদ, অসমৰ প্ৰতিষ্ঠাপক সভাপতি আছিল গোস্বামী। অসম সাহিত্য সভাৰো প্ৰাক্তন উপ-সভাপতি আছিল তেওঁ। গুৱাহাটীৰ নৱগ্ৰহত বুধবাৰে পুৱা গোস্বামীৰ দেহাৱসান হয়।

Advertisment

স্বাধীনতা সংগ্ৰামী গোস্বামীয়ে কেইবাখনো গ্ৰন্থ প্ৰণয়ন কৰিছিল। ইয়াৰ উপৰিও অসমীয়া ভাষাৰ লিপিক লৈ প্ৰণালিবদ্ধ অধ্যয়ন কৰিছিল তেওঁ। গোস্বামীৰ মৃত্যুত ৰাজ্যৰ বিদ্বান মহলত গভীৰ শোকৰ ছাঁ পৰিছে।