/asomiyapratidin/media/media_files/2025/08/18/daddddddd-2025-08-18-11-46-43.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ আজি পুৱাৰ প্ৰচণ্ড ধুমুহা গাজনি ধেৰেকণি সহিতে অহা বৰষুণৰ মাজতে বজ্ৰ পৰি বিস্তৰ ক্ষতিসাধন কৰিলে জামুগুৰিহাটৰ সংগীয়া মাজৰ চুক গাঁৱৰ এখন বাসগৃহত৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/18/ddjdjd-2025-08-18-11-43-33.jpg)
বজ্ৰ পৰাৰ ফলত গাঁওখনৰ থানেশ্বৰ বৰা নামৰ লোকজনৰ বাসগৃহৰ লগতে থকা লেট্ৰিনৰ পকী বেৰ ফালি পেলোৱাৰ লগতে ঘৰখনৰ বৈদ্যুতিক সা-সামগ্ৰী সমুহো সম্পূৰ্ণৰূপে নষ্ট হৈ যায়৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/18/ujjjd-2025-08-18-11-44-05.jpg)
বজ্ৰ পৰাৰ ফলত আনকি ঘৰৰ বাৰিতে থকা কলৰ গছ পৰ্যন্ত চিৰাচিৰ কৰি ফালি পেলাই৷কোনোমতে প্ৰাণ ৰক্ষা পৰে ঘৰখনৰ গৃহস্থৰ৷আনহাতে বৰষুণৰ লগতে অহা ধুমুহা বতাহৰ ফলত জামুগুৰিহাটৰে বাহদোঙা বৰাচুকত প্ৰকাণ্ড গছ বাগৰি পৰি কেবাটাও বাসগৃহৰ বিস্তৰ ক্ষতিসাধন হোৱা খৱৰ লাভ কৰা হৈছে৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/18/jjjdd-2025-08-18-11-44-35.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us