জামুগুৰিহাটৰ তেজালপট্টিত শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ স্বৰ্ণ জয়ন্তী

জামুগুৰিহাটৰ তেজালপট্টিত শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ স্বৰ্ণ জয়ন্তী

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ তেজালপট্টি চাহবাগিচাৰ শ্ৰীশ্ৰী লক্ষ্মী পূজাই স্বৰ্ণজয়ন্তী বৰ্ষ অতিক্ৰম কৰিলে৷ এই উপলক্ষে শনিবাৰে পুৱাই সকলো ভক্তপ্ৰাণ ৰাইজে জীয়ভৰলী নদীৰ পৰা পানী তুলি জলযাত্ৰা কৰে ৷

তেজালপট্টি চাহবাগিছাৰ খেলপথাৰত তিনিদিনীয়াকৈ আয়োজন কৰা লক্ষীপূজাৰ কাৰ্য্যসুচী অনুসৰি মন্দিৰত মাৰ্ব্বল পাথৰৰ দ্বাৰা নিৰ্মাণ কৰি উলিওৱা শ্ৰীশ্ৰী লক্ষ্মীৰ প্ৰতিমা স্থাপন কৰা হয়৷

মহালক্ষী চাহবাগিছাৰ লক্ষীপূজাই ৫০ টাকৈ বৰ্ষ অতিক্ৰম কৰা উপলক্ষে উদযাপন কমিটিয়ে শ্ৰীশ্ৰী লক্ষীপূজা উপলক্ষে মদভাগৱত মহাযজ্ঞৰ আয়োজন কৰে৷ লক্ষ্মী পূজাৰ কাৰ্য্যসূচী সমূহৰ লগতে ৰঙা ফিটা কাটি শ্ৰীশ্ৰী লক্ষী মন্দিৰৰ দ্বাৰ উন্মোচন কৰে যুৱ লেখক সাহিত্যিক তথা চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰাই৷

জামুগুৰিহাটৰ তেজালপট্টিত শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ স্বৰ্ণ জয়ন্তী
পত্নী-সন্তানৰ সৈতে মিলি ৭৩ বছৰীয়া মাতৃক মাৰপিট অধিবক্তা পুত্ৰৰ...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in