
ডিজিটেল সংবাদ, চিৰাং : দীৰ্ঘদিন সক্ৰিয় ৰাজনীতিৰ পৰা আঁতৰি থকা পিছত বিপিএফৰ সভাপতি তথা প্ৰাক্তন বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে বিটিআৰ এলেকাত ধাৰাবাহিক সভা,সমিতি আৰু সমদল অনুষ্ঠিত কৰি আছে । বড়োলেণ্ড এলেকাত শ শ ছহিদৰ ত্যাগৰ বিনিময়ত লাভ কৰা বিটিচিক ধ্বংশ কৰাত নামি পৰিছে প্ৰমোদ বড়োৰ নেতৃত্বতাধীন বিটিচি প্ৰশাসনে -এই মন্তব্য জেমচ বসুমতাৰীৰ।
ছহিদৰ তেজৰ বিনিময়ত লাভ কৰা বিটিচি ৰক্ষাৰ আহ্বান জনাই হাগ্ৰামা মহিলাৰীয়ে আৰম্ভ কৰা ৰাজনৈতিক অভিযানত ৰাইজৰ স্বতঃস্ফুত অংশগ্ৰহণ কৰা দেখি সম্প্ৰতি বিটিচিৰ শাসকীয় দল ইউপিপিএল শংকিত হৈ পৰিছে বুলি অভিযোগ উত্থাপন কৰে বিপিএফৰ পাৰিষদ তথা চিৰাং জিলা বিপিএফ দলৰ সভাপতি জেমচ্ বসুমতাৰীয়ে। বিপিএফ দলৰ উত্থান দেখি শংকিত হৈ ইউপিপিএল দলৰ একাংশ নেতা কৰ্মীয়ে অসাংবিধানিক কাৰ্য্যকলাপ কৰিবলৈ আৰম্ভ কৰিছে বুলি সদৰি কৰে ।
তেওঁ কয় যে অহা ৩ এপ্ৰিলত চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ নিচিমা পৰিষদীয় সমষ্টিৰ কয়লা ময়লাত বিপিএফ দলৰ এক পদযাত্ৰা আৰু দলীয় সভা অনুষ্ঠিত হ'ব । বিপিএফ দলৰ উক্ত পদযাত্ৰা আৰু দলীয় সমাৱেশ বিফল কৰিবলৈ নিচিমা সমষ্টিৰ একাংশ ইউপিপিএল দলৰ নেতা পালিনেতাই এক অসাংবিধানিক কাৰ্য্যকলাপৰ জৰিয়তে ষড়যন্ত্ৰত নামি পৰিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।
ইউপিপিএল দলৰ নেতা সকলে হোৱাটচ্এপ বাৰ্তা যোগে অঞ্চলটোৰ সাধাৰণ ৰাইজক বিপিএফ দলৰ উক্ত পদযাত্ৰা আৰু সমাৱেশত অংশগ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীৰ তালিকাৰ পৰা নাম কৰ্তন কৰাৰ ভয় ভাবুকি প্ৰদান কৰি আছে। ইউপিপিএল দলৰ এই হোৱাটচ্এপ বাৰ্তা লাভ কৰাৰ পিছত ইউপিপিএল দলৰ শাসন ব্যৱস্থাক লৈ বিতুষ্ট হোৱা সাধাৰণ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বুলি বিপিএফৰ নেতা জনে উল্লেখ কৰে ।
ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ। দেশৰ সংবিধানে জনগণক অধিকাৰ দিছে তেওঁলোকে কোন ৰাজনৈতিক দলক সমৰ্থন কৰিব কোন দলক সমৰ্থন নকৰিব কিন্তু ইউপিপিএল দলৰ একাংশ নেতা কৰ্মীয়ে বিপিএফৰ দলৰ পুনৰ উত্থানত শংকিত হৈ অসাংবিধানিক কাৰ্য্যকলাপ আৰম্ভ কৰিছে যিটো বিপিএফ দলে কেতিয়াও সহ্য নকৰে ।
বিপিএফ দলৰ এই ৰাজনৈতিক সমাৱেশ বিফল কৰিবলৈ ইউপিপিএল দলৰ নেতা কৰ্মী সকলৰ এই ষড়যন্ত্ৰ ওফৰাই সাধাৰণ ৰাইজক হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত উক্ত অনুষ্ঠিত হ'ব লগা পদযাত্ৰা আৰু দলীয় সমাৱেশত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় । এই সংক্ৰান্তত বিপিএফৰ পাৰিষদ তথা বিটিচিৰ প্ৰাক্তন অধ্যক্ষ পানীৰাম ব্ৰহ্মই তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি ইউপিপিএল দলৰ এই ভূমিকাক তীব্ৰ সমালোচনা কৰে ।