/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/lakhimpur-evm-machin-for-web-AP-full-no-ad-2-copy.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ অনুসূচী অনুসৰি শনিবাৰে ১১২ নং ঢকুৱাখনা বিধানসভা সমষ্টিৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পাছতে এক স্পৰ্শকাতৰ বিষয়ে ব্যাপক প্ৰতিক্ৰিয়াৰ সূত্ৰপাত ঘটাইছে। ভোটদাতা নাগৰিক আৰু ৰাজনৈতিক দল সমূহৰ মজিয়াতো এই গুৰুতৰ নিৰ্বাচনী বিসংগতিৰ সৰৱ আলোচনা চলিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/a0cd67ac-59ce-4b3f-bfc9-c9a92c275f6a-1024x1024.jpg)
প্ৰাপ্ত অভিযোগ অনুসৰি, শনিবাৰে অৰ্থাৎ ২৭ মাৰ্চত অনুষ্ঠিত হৈ যোৱা বিধানসভা সমষ্টিটোৰ ভোট গ্ৰহণ প্ৰক্ৰিয়াত ব্যৱহৃত হৈছিল জালুকবাৰী বিধানসভা সমষ্টিৰ ইলেকট্ৰনিক ভোটিং মেচিন । ঢকুৱাখনা জিলা ৰিটাৰ্ণিং বিষয়াৰ কাৰ্য্যালয়ৰ অধীনৰ মাতমৰা চেক্টৰৰ ২৫২ নং আৰ্কেপ বালি প্ৰাথমিক বিদ্যালয়ৰ ভোট কেন্দ্রত এই বিসংগতি হোৱাটো পোহৰলৈ আহিছে।
কেন্দ্ৰটোৰ একাংশ ভোটাৰ আৰু পুলিং এজেন্টৰ অভিযোগত প্ৰকাশ যে- শনিবাৰে কেন্দ্ৰটোত ভোট গ্ৰহণ প্ৰক্ৰিয়াত ব্যৱহৃত ই ভি এমত খুব স্পষ্টভাৱে ৫২নং জালুকবাৰী বিধানসভা সমষ্টি বুলি নামাকৰণ কৰা আছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/87ad1205-6e67-4d32-9c55-02f3a0d21cdc-1024x1024.jpg)
কেন্দ্ৰটোৰ পুলিং এজেন্ট একাংশই এই বিসংগতি সন্দৰ্ভত প্ৰিজাইডিং বিষয়া ৰোহিনী কুমাৰ বৰুৱা , চেক্টৰ অফিচাৰ মানস হাজৰিকাক ভোট গ্ৰহণৰ পূৰ্বে অভিযোগ দিছিল বুলি জানিবলৈ দি সকলো দায়িত্বশীল পক্ষই আওকণীয়া মনোভাব গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰে। কেন্দ্ৰটোৰ সৰ্বমুঠ ৬৫২ টা ভোটৰ মুঠ ৫০০ টা ভোট এই ইভিএমত কাষ্টিং হোৱাৰ পাছত দেওবাৰে ভোটাৰ সকলৰ মাজত প্ৰবল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
ই ভি এমটোৰ বেলট ইউনিটত ৫১ নং জালুকবাৰী সমষ্টি লিখাৰ বাবে অনাহুত সমস্যাৰ উদ্ভৱ হোৱাৰ আশংকা কৰি নিৰ্বাচনী আয়োগৰ জৰুৰী হস্তক্ষেপ কামনা কৰিছে। উল্লেখ্য যে, শনিবাৰে সম্পন্ন হোৱা ভোটগ্ৰহণ পৰ্বত এনে হুবহু বিসংগতি দেখা দিয়ে বিহপুৰীয়া বিধানসভা সমষ্টিৰ ১০৮ নং মৰনৈ ভোট কেন্দ্ৰত ব্যৱহৃত ইভিএমটো।
কেন্দ্ৰটোৰ নিয়োজিত নিৰ্বাচনী বিষয়া কৰ্মীসকলৰ অজ্ঞাতে মুঠ ১ হাজাৰ এশ ভোটাৰে ভোটদান কৰিছিল। পাছত নিশা প্ৰায় ১০ বজাত নিৰ্বাচনী বিষয়া-কৰ্মী সকলে লখিমপুৰ জিলা সদৰত ই ভি এম জমা দিবলৈ অহাৰ পাছতহে গুৰুতৰ ক্ৰুটি পোহৰলৈ আহে। জিলাখনৰ দুটা বিশেষ ভাবে গুৰুত্বপূৰ্ণ সমষ্টিৰ ভোটকেন্দ্ৰত দেখা দিয়া এনে ক্ৰুটিয়ে ভোটাৰৰ মাজত বিশেষ চর্চা লাভ কৰিছে।