জোনাইত জলজীৱন মিছনৰ ঠিকাদাৰ ৰাণা দেৱ শইকীয়াৰ দুৰ্নীতিৰ বিৰুদ্ধে ৰাইজৰ তদন্তৰ দাবী…

জোনাইত জলজীৱন মিছনৰ ঠিকাদাৰ ৰাণা দেৱ শইকীয়াৰ দুৰ্নীতিৰ বিৰুদ্ধে ৰাইজৰ তদন্তৰ দাবী…

author-image
asomiyapratidin
New Update
জোনাইত জলজীৱন মিছনৰ ঠিকাদাৰ ৰাণা দেৱ শইকীয়াৰ দুৰ্নীতিৰ বিৰুদ্ধে ৰাইজৰ তদন্তৰ দাবী…

ডিজিটেল সংবাদ জোনাই: কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি জলজীৱন মিছনৰ পাইপযোগে পানী যোগান আঁচনি নিৰ্মাণ কাৰ্যত জোনাই বিধানসভা সমষ্টিত বিয়াগোম দুৰ্নীতি-অনিয়মীয় সংঘটিত হোৱাৰ অভিযোগ উঠিছে। উল্লেখযোগ্য যে, ধেমাজি জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত সীমান্তৱৰ্তী জোনাই মহকুমাৰ বিভিন্ন গাঁৱত ৮০ টা জলজীৱন মিছনৰ পানী যোগান আঁচনি নিৰ্মাণ কাৰ্য চলি আছে।

Advertisment

জনস্বাস্থ্য কাৰিকৰী বিভাগ বিষয়া-কৰ্মচাৰী আৰু অসাধু ঠিকাদাৰে মিলি জোনাই মহকুমাত জলজীৱন আচঁনিৰ কোটি কোটি ধন লুণ্ঠনৰ ফন্দি কৰিছে। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ 'হৰ ঘৰ নল-নল চে জল' শ্লোগানেৰে চলি থকা অভিলাষী আঁচনিক ধূলিসাত কৰি ধেমাজি জিলাৰ সীমান্তৱৰ্তী জোনাইত জলজীৱন আঁচনিৰ নামত সংঘটিত হৈছে এই বিয়াগোম দুৰ্নীতি।

জনস্বাস্থ্য কাৰিকৰী বিভাগ জোনাই উপ-সংমণ্ডলৰ অন্তৰ্গত ঐৰামঘাটত জলজীৱন মিছনৰ প্ৰায় দুই কোটি টকীয়া পানী যোগান আঁচনিৰ নিম্নমানৰ নিৰ্মাণৰ ফলত দেৱালত ফাট মেলে। এই সন্দৰ্ভত উপায়ুক্তই তদন্তৰ নিৰ্দেশ দিয়ে। কিন্তু তদন্তত কি হ'ল আজিকোপতি ৰাইজে গম নাপালে। অসাধু ঠিকাদাৰে জনস্বাস্থ্য কাৰিকৰী বিভাগ বিষয়া-কৰ্মচাৰীৰে মিলি নিম্নমানৰ ৰ'ড, চিমেণ্ট, শিল-বালি ব্যৱহাৰ কৰি নিৰ্মাণ কাৰ্য চলোৱাৰ বুলি ৰাইজে অভিযান কৰিছে।

ইপিনে জোনাই মহকুমাত নিৰ্মাণ চলি থকা ৮০ টা আচঁনিৰ ভিতৰত ২৬ টা জলজীৱন মিছনৰ পাইপযোগে পানী যোগান আচঁনি নিৰ্মাণৰ বাবে ৰাণা দেৱ শইকীয়া নামৰ এজন ঠিকাদাৰে নিবিদা লাভ কৰিছে। ঠিকাদাৰ ৰাণা দেৱ শইকীয়াই জোনাই মহকুমাৰ বলাইপাম, ১ নং ৰিগবি, ২ নং ৰিগবি, মিলনপুৰ, দেবিং মিচিং, ৰায়াং বালিজান, বিক্ৰমপুৰ, বগৰীগুৰি, কাৰ্দংচুক, কেমেৰে, চিৰামপুৰীয়া, নাহৰ বান্দানা, ২ নং শান্তিপুৰ, ছিগা মিচিং, ১ নং ৰতনপুৰ পাদি, বাহিৰ চিলে, গালী মেছাকী, ৰায়াং কুলি, ১ নং মুৰ্কংচেলেক, বৰং, মাজুলীপুৰ, ৩ নং ৰাজাখানা, অপ্সৰা, লাডাংগুৰি, সন্তপুৰ, ১ নং তেলাম আদি ২৬ টা জলজীৱন মিছনৰ পানী যোগান আঁচনি নিৰ্মাণৰ ঠিকা লাভ কৰিছে যদিও ঠিকাদাৰ গৰাকী আজি লৈকে কোনো দিনে জোনাইৰ কামৰ ঠাইলৈ আহি পোৱা নাই।

উল্লেখযোগ্য যে প্ৰতিটো জলজীৱন মিছনৰ পানী যোগান আঁচনিৰ নিৰ্মাণৰ ব্যয় মূল্য ডেৰ কোটিৰ পৰা প্ৰায় দুই কোটি। অতি পৰিতাপৰ বিষয় যে ঠিকাদাৰ ৰাণা দেৱ শইকীয়াই কোটি কোটি মূল্যৰ জলজীৱন মিছনৰ পানী যোগান আঁচনিসমূহ অতি নিম্নমানেৰে নিৰ্মাণ কৰাৰ ৰাজহুৱা অভিযোগ উঠিছে।

বিশেষকৈ জোনাই মহকুমাৰ মুৰ্কংচেলেক পানী যোগান আঁচনিৰ পানী যোৱা পাইপবোৰ বিভিন্ন ঠাইত পথৰ কাষত মাটিৰ ওপৰত ওলাই থকাকৈ নিম্নমানেৰে কাম কৰিছে। তদুপৰি পথৰ কালৰ্ভাট আদিৰ ওপৰত লোহাৰ পাইপ দিব লাগে যদিও প্লাষ্টিকৰ পাইপ মাটিৰ ওপৰত ওলাই থকাকৈ ছবিত দেখাৰ দৰে দি নিৰ্মাণ কৰিছে।

ফলত মাটিৰ ওপৰত ওলাই থকা প্লাষ্টিকৰ পাইপবোৰ সময়ৰ আগতেই নষ্ট হোৱাৰ আশংকাই দেখা দিছে। তদুপৰি বিভিন্ন পানী যোগান আঁচনি নিম্নমানৰ সামগ্ৰীৰে নিৰ্মাণ কৰাৰ গুৰুত্বৰ অভিযোগ উঠিছে। কিন্তু অতি পৰিতাপৰ বিষয় যে জোনাই মহকুমাত এনেদৰে ঠিকাদাৰে কোটি টকীয়া জলজীৱন মিছনৰ পানী যোগান আঁচনি নিম্নমানেৰে নিৰ্মাণ কৰাৰ পিছতো জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ধেমাজি সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাই চকু মুদা কুলিৰ ভাও ধৰি থকাৰ গুৰুত্বৰ অভিযোগ উঠিছে।

ফলত সীমান্তৱৰ্তী জোনাইৰ মহকুমাত কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি জনজীৱন মিছনৰ পানী যোগান আঁচনি নিৰ্মাণৰ নাম সংঘটিত দুৰ্নীতিৰ ওপৰত তদন্ত কৰিবলৈ সংশ্লিষ্ট মন্ত্ৰীৰ ওচৰত ৰাইজে দাবী জনাইছে।