জাগীৰোড মহাবিদ্যালয়ৰ অভিনয় বিভাগৰ ছাত্ৰ-ছাত্ৰীয়ে মঞ্চায়ন কৰিলে ‘পিতামহৰ শৰশয্যা’

জাগীৰোড মহাবিদ্যালয়ৰ অভিনয় বিভাগৰ ছাত্ৰ-ছাত্ৰীয়ে মঞ্চায়ন কৰিলে ‘পিতামহৰ শৰশয্যা’

author-image
asomiyapratidin
New Update
জাগীৰোড মহাবিদ্যালয়ৰ অভিনয় বিভাগৰ ছাত্ৰ-ছাত্ৰীয়ে মঞ্চায়ন কৰিলে ‘পিতামহৰ শৰশয্যা’

ডিজিটেল সংবাদ, জাগীৰোডঃ প্ৰতিবছৰৰ দৰে এইবেলিও জাগীৰোড মহাবিদ্যালয়ৰ অভিনয় বিভাগে মঞ্চস্থ কৰিলে মহেন্দ্ৰ বৰঠাকুৰৰ নাটক 'পিতামহৰ শৰশয্যা'। ১৯৭৩ চনতে নাট্যকাৰ গৰাকীয়ে ৰচনা নাটকখন মঞ্চস্থ কৰিলে মহাবিদ্যালয়খনৰ অভিনয় বিভাগৰ পঞ্চম ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰীসকলে। উল্লেখ্য যে, প্ৰায় কেইবা শতাধিক ছাত্ৰ-ছাত্ৰী, মহাবিদ্যালয়খনৰ অধ্যক্ষ, অধ্যাপক-অধ্যাপিকাই নাটকখন প্ৰত্যক্ষ কৰি অভিনয়ৰ লগতে প্ৰতিটো দিশৰে প্ৰশংসা কৰে।

Advertisment

অভিনয় বিভাগৰ প্ৰবক্তা মানস প্ৰতীম নেওগে পৰিচালনা কৰা নাটকখনত সকলো কামে পঞ্চম ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰীসকলে কৰি সুন্দৰৰূপে নাটকখন দৰ্শকসকলৰ বাবে আগবঢ়াই। নাটকখনত পোহৰৰ কাম কৰিছিল ছাত্ৰ ৰিতুপম লস্কৰে। অভিনয়ৰ লগতে কেইবাটাও গীতত কণ্ঠ নিগৰাই ইতিমধ্যে এক পৰিচিতি লাভ কৰা ছাত্ৰজনে কৰা পোহৰৰ কামক উপস্থিত দৰ্শকসকলে প্ৰশংসা কৰে।

উল্লেখ্য যে, কেইবাজনো নাট্যকাৰৰ বহুকেইখন নাটক মঞ্চায়ন কৰি ইতিমধ্যে বিদ্যালয়খনৰ ছাত্র-ছাত্ৰীসকলে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। অভিনয় বিভাগৰ অধ্যাপক মানস প্ৰতিমা বৰায়ো ইতিমধ্যে পৰিচালনা কৰিছে বহুকেইখন নাটক।