ট্ৰেজিক হিৰ’ত পৰিণত হ’ব নেকি হিমন্ত বিশ্ব শৰ্মা, তেজপুৰৰ পৰা নাপাবও পাৰে টিকট

ট্ৰেজিক হিৰ’ত পৰিণত হ’ব নেকি হিমন্ত বিশ্ব শৰ্মা, তেজপুৰৰ পৰা নাপাবও পাৰে টিকট

ডিজিটেল ডেস্কঃ ট্ৰেজিক হিৰ'ত পৰিণত হ'ব পাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বহু আশা বান্ধি তেজপুৰ লোকসভা সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্ব্ন্দ্বিতা কৰিম বুলি প্ৰস্তুতি চলালেও শেষ নিশাৰ খেলত মন্ত্ৰী শৰ্মাই উক্ত সমষ্টিটোৰ পৰা বিজেপিৰ প্ৰাৰ্থিত্ব নাপাবও পাৰে বুলি জানিব পৰা গৈছে। গুৱাহাটী আৰু তেজপুৰ, যিকোনো এটা সমষ্টিৰ পৰা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিদ্বন্দ্বিতা কৰিব বুলি বহু দিনৰ পৰাই চৰ্চা চলি আহিছিল। শেষ মুহূৰ্তত তেজপুৰৰ পৰাই তেওঁ প্ৰতিদ্বন্দ্বিতা কৰাটোও একপ্ৰকাৰ নিশ্চিত হৈছিল। যাৰ বাবে তেজপুৰ সমষ্টিৰ বৰ্তমানৰ বিজেপি সাংসদ আৰ পি শৰ্মাৰ নাম বিজেপিৰ প্ৰাৰ্থী পেনেলত অন্তৰ্ভূক্তই কৰা হোৱা নাছিল।

সঘনে সলনি হৈ থকা ৰাজনৈতিক পট পৰিৱৰ্তনৰ অন্তত তেজপুৰ সমষ্টিত বিজেপিয়ে অমিয় ভূঞাক প্ৰক্ষেপ কৰিব বুলি জানিব পৰা গৈছে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লোকসভা নিৰ্বাচনৰ সময়ছোৱাত নিৰ্বাচন খেলিবলৈ দিয়াৰ সলনি নেডাৰ আহ্বায়ক হিচাপে উত্তৰ-পূবত নিৰ্বাচনী প্ৰচাৰৰ কাম কাজ তদাৰক কৰিবলৈ দলীয় নেতৃত্বই দায়িত্ব দিয়াৰ সম্ভাৱনা আছে। বিজেপিৰ এক শীৰ্ষ সূত্ৰৰ পৰা এই ইংগিত পোৱা গৈছে। এনে পৰিপ্ৰেক্ষিততে ৰাম মাধৱৰ সৈতে ইখনৰ পিছত সিখন বৈঠকত বহিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কাৰণ এয়া তেওঁৰ বাবে এক আত্মসন্মানৰ প্ৰশ্ন হৈ পৰিছে।

প্ৰাক্তন ছাত্ৰ নেতা অমিয় ভূঞাই উত্তৰ পাৰত বিজেপিৰ হৈ এক সক্ৰিয় ভূমিকা পালন কৰি আহিছে। বিশেষকৈ লক্ষিমপুৰ, ধেমাজি আৰু মাজুলীত বিভিন্ন জনগোষ্ঠীৰ লোকক দলটোৰ মজিয়ালৈ অনাৰ ক্ষেত্ৰত অতি সক্ৰিয় ভূমিকা গ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰো বিশ্বস্ত নেতা হৈ পৰিছিল তেওঁ। কম দিনৰ ভিতৰতে বিজেপিৰ ভিতৰচৰাত প্ৰভাৱশালী হৈ পৰা অমিয় ভূঞাই আনুষ্ঠানিকভাৱে তেজপুৰ সমষ্টিত প্ৰাৰ্থিত্ব লাভ কৰা সন্দৰ্ভত কোনো কথা প্ৰকাশ নকৰিলেও হঠাৎ যে তেওঁৰ নাম এই সমষ্টিটোৰ প্ৰাৰ্থী ৰূপে চৰ্চালৈ আহিছে, এই কথা স্বীকাৰ কৰিছে। শনিবাৰে আবেলি ৪ বজাৰ পিছতেই সমষ্টিটোত বিজেপিৰ কোন প্ৰাৰ্থী হয় সেই ছবি স্পষ্ট হৈ পৰিব।

ইফালে, এই সমষ্টিটোত কংগ্ৰেছৰ কোন প্ৰাৰ্থী হ'ব সেয়াও এতিয়া নিশ্চিত হোৱা নাই। প্ৰথমে অৱসৰপ্ৰাপ্ত আই পি এছ বিষয়া এম জি ভি কে ভানুক কংগ্ৰেছে প্ৰাৰ্থীত্ব প্ৰদান কৰিব বুলি চৰ্চা হৈছিল। ভানুৱে নিৰ্বাচনী কাৰ্যালয় পৰ্যন্ত মুকলি কৰিছিল যদিও তাৰ পিছতে সমষ্টিটোত কংগ্ৰেছে টংক বাহাদুৰ ৰায়ক টিকট দিবলৈ তৎপৰতা প্ৰদৰ্শন কৰে। ইফালে, দিল্লীত সংবাদ মেলৰ অন্তত অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ সৈতে হোৱা আচুতীয়া সাক্ষাৎকালত বিজেপি ত্যাগ কৰা আৰ পি শৰ্মাই আগন্তুক নিৰ্বাচনত তেজপুৰ সমষ্টিৰ পৰাই তেওঁ এটা ৰাষ্ট্ৰীয় দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব বুলি সদৰি কৰিছে। সেই দলটো কংগ্ৰেছ নেকি বুলি প্ৰশ্ন কৰাত এই উত্তৰ দিয়াৰ পৰা বিৰত থাকে সাংসদগৰাকীয়ে।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in